ৰাজ্যত জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ:৪৫ জন লোকৰ মৃত্যু

jk

নিউজ ডেস্ক:
ৰাজ্যত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে জাপানী এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা।ৰোগবিধৰ নিয়ন্ত্ৰণত কাৰ্যত: ব্যৰ্থ হৈছে স্বাস্থ্য বিভাগ।নিতৌ ন-ন এলেকাৰ পৰা আহিবলৈ ধৰিছে ৰোগবিধত নাগৰিক আক্ৰান্ত হোৱাৰ খবৰ।


ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে ৫ শতাধিক লোক ৰোগবিধত আক্রান্ত হোৱাৰ বাতৰি পোৱা গৈছে।ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক বিবৃতিত ৩ জুলাই পৰ্যন্ত ৰাজ্যত জাপানী এনকেফেলাইটিছত ৪৫ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰা হৈছে।

Your Comments