নিউজ ডেস্ক :
অৱশেষত সুদীৰ্ঘ ১৫বছৰৰ পিছত আজি প্ৰদান কৰা হ'ব ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান। ধেমাজিৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰিব এই ৰায়।২০০৪ চনৰ ১৫ আগষ্ট দিনা ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলীত আলফাই সংঘটিত কৰা এই বোমা বিস্ফোৰণত ১০টা শিশু আৰু তিনিগৰাকীৰ মহিলাৰ মৃত্যু হৈছিল।
তাৰ পাছতেই ঘটনাটোৰ সৈতে জড়িত ১৫জন অভিযুক্তৰ বিৰুদ্ধে ২০১১চনত আৰক্ষীয়ে আদালতত দাখিল কৰিছিল অভিযোগ নামা। অভিযোগ নামা দাখিল কৰা সেই ১৫ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ৫৫ জন সাক্ষীয়ে সাক্ষ্যদান কৰিছিল আদালতক। তাৰ ওপৰত ভিত্তি কৰিয়েই আজি আদালতে প্ৰদান কৰিব চূড়ান্ত ৰায়দান।
ইফালে ঘটনাৰে জড়িত থকা ১৫ গৰাকীৰ অভিযুক্ত হৈছে যতীন দুৱৰী ওৰফে ৰংমন,লীলা খান, দিপাঞ্জলি গোহাঁই,মুহি সন্দিকৈ,প্ৰশান্ত ভূঞা, মোহন চুতীয়া, চন্দ্ৰ নাথ গগৈ,হেমেন গগৈ, গোবিন কলিতা, জয় চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, জয়া চুতীয়া, জিতেন চুতীয়া, মীন বৰুৱা আৰু ৰচিদ ভৰালী।
উল্লেখ যে যোৱা ২০জুনত গোচৰটো চূড়ান্ত ৰায়দান দিয়া কথা আছিল।কিন্তু তাৰ আগদিনা ধেমাজি বাৰ এছোচিয়েচনৰ সম্পাদক ঘনশ্যাম লাহনৰ আকস্মিক মৃত্যুৰ বাবে স্থগিত ৰখা হৈছিল এই ৰায়দান।
- Log in to post comments
- 27 views