অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নহয়-কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

flood

কেন্দ্ৰীয় জলসম্পদ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰতনলাল কাটাৰিয়াই অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিয়া নহয় বুলি মঙলবাৰে ৰাজ্যসভাত ঘোষণা কৰাৰ পিছত এতিয়া ৰাজ্যজুৰি সচেতন নাগৰিক সমাজ,দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সকলোৱে একমুখে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ঘোষণাৰ বিৰোধিতা কৰিছে।


সদৌ অসম ছাত্ৰ সন্থাই ইয়াক কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ অসমৰ প্ৰতি কৰি অহা অবিচাৰৰ প্ৰমাণ আখ্যা দিছে।অসমৰ বান-খহনীয়া সমস্যাৰ সমাধান কৰিব বুলি কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে  ইমানদিনে কৈ অহাৰ পিছত এতিয়া কেন্দ্ৰীয় মন্ত্ৰী কাটাৰিয়াৰ এই ঘোষণাই চৰকাৰ আৰু বিজেপিৰ মিথ্যাচাৰ তথা বিশ্বাসঘাটকতা উদঙাই দিছে বুলি উল্লেখ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

Your Comments