নিউজ ডেস্ক:
ছিণ্ডিকেটৰ মহানায়ক কৃষক নেতা অখিল গগৈ। ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ বহিষ্কৃত নেতা তথা বৰ্তমান বিজেপিৰ সদস্য হিৰণ্য পাঠৰীয়ে আজি এই গুৰুতৰ অভিযোগ কৰে। ৰাজ্যখনত অবৈধভাবে চলি থকা বিভিন্ন ছিণ্ডিকেটৰ সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি বহিষ্কৃত ছাত্ৰ মুক্তি নেতাজনে বিস্ফোৰক মন্তব্য কৰি কয়, "ছিণ্ডিকেটৰ কমিচন অখিল গগৈয়ে পোৱা নাই বাবে ৰাজ্যত ছিণ্ডিকেট হৈছে বুলি তেওঁ দাবী কৰিছে"। আচলতে বিজেপি চৰকাৰৰ দিনত অখিল গগৈয়ে দাবী কৰাৰ দৰে কোনো ছিণ্ডিকেট সংঘটিত হোৱা নাই। লগতে বহিষ্কৃত ছাত্ৰ নেতাজনে কয়, "কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত কয়লা ছিণ্ডিকেট, চুপাৰি ছিণ্ডিকেট, পাণ ছিণ্ডিকেট, গৰু ছিণ্ডিকেট আদি সকলো ছিণ্ডিকেটৰ পৰা আটাইতকৈ বেছি কমিচন পোৱা মানুহ জনেই আছিল অখিল গগৈ"। লগতে তেওঁ অভিযোগ কৰে, কংগ্ৰেছ চৰকাৰৰ দিনত চুপাৰি ছিণ্ডিকেটৰ সন্দৰ্ভত অখিল গগৈয়ে দেখিও কোনো মাত মতা নাছিল। কাৰণ সেই সময়ত তেওঁ কমিচন পাইছিল। কিন্তু যোৱা তিনিবছৰৰ পৰা বিজেপি চৰকাৰে সকলো ছিণ্ডিকেট বন্ধ কৰিছে। ফলত এতিয়া কমিচন পোৱা নাই অখিল গগৈয়ে। লগতে তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত চুপাৰি ব্যৱসায়ী বাবলু খানৰ পৰা অধিক কমিচন পাইছিল অখিল গগৈয়ে। তেওঁ কয় "অখিল গগৈয়ে এতিয়া ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মাতিলে আমাৰ লাজ লাগে"। কাৰণ অখিল গগৈ কেৱল ছিণ্ডিকেটৰ নায়েকই নহয় এজন মহানায়কো।
ইফালে আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলখনতে বহিষ্কৃত ছাত্ৰ মুক্তি নেতা হিৰণ্য পাঠৰীয়ে কয়, কিছুদিনৰ পূৰ্বে পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অখিল গগৈৰ নেতৃত্বত হৈছিল আন্দোলন। কাৰণ পাৱাৰ গ্ৰীডৰ নিৰ্মাণ কাৰ্যত ৰাইজ ক্ষতিগ্ৰস্ত হৈছিল। সেই ক্ষতিগ্রস্ত ৰাইজক অখিল গগৈয়ে ক্ষতিপুৰণ উলিয়াই দিয়াৰ নামত ৫-১০ হাজাৰ টকাৰ কমিচন লৈছে। আৰু এইদৰে অখিল গগৈয়ে ১০-১৫ কোটি টকা সংগ্ৰহ কৰা বুলিও বিস্ফোৰক অভিযোগ উথাপন কৰে হিৰণ্য পাঠৰীয়ে। তদুপৰি এনএইচপিচিৰ কৰ্তৃপক্ষৰ লগত ২০১০-১১ বর্ষত কৃষক নেতা অখিল গগৈয়ে কমিচনৰ অংক হিৰণ্য পাঠৰীৰ ঘৰত বহি কৰা বুলি আজি সংবাদ মেলত উল্লেখ কৰে।
- Log in to post comments
- 50 views