নিউজ ডেস্ক:
দিনক দিনে নতুন নতুন দুৰ্নীতিত জড়িত হৈ পৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ। এই বিভাগ এইবাৰ চলচ্চিত্ৰ নিৰ্মাণৰ বিয়াগোম দুৰ্নীতিত লিপ্ত হৈছে। মঙ্গলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত এই কথা সদৰী কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই।
সংবাদমেলত তেওঁ কয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত মিছন অভিযান, গ্ৰামীণৰ অধীনত তেওঁলোকৰ স্বচ্ছ ভাৰতৰ কামসমূহ প্ৰচাৰ কৰাৰ বাবে ‘অজানিতে মনে মনে’ নামৰ এখন অসমীয়া ছবি গোপনে নিৰ্মাণ কৰি উলিয়ায়। কিন্তু এই ছবিখন নিৰ্মাণ কৰাৰ নামত বিভাগটোৰ এচাম বিষয়া আৰু অভিযন্তাই চলাইছিল লুণ্ঠন। এই অসমীয়া ছবিখনৰ সকলো তথ্যৰ বাবে আৰ টি আই কৰি অসমীয়া যুৱ মঞ্চই লাভ কৰিছে লুণ্ঠনৰ সকলো তথ্য।
‘অজানিতে মনে মনে’ নামৰ এই ছবি খন নিৰ্মান কৰাৰ বাবে বাজেট আছিল ৪৪ লাখ ২৬ হাজাৰ ৫০০ টকা। ছবিখনৰ প্ৰচাৰৰ নামত খৰছ কৰিছিল ৪০ লাখ ৬৬ হাজাৰ ২৭৭ টকা। কিন্তু ইমান লাখ লাখ টকা খৰছ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা ছবিখনৰ কথা বিভাগটোৰ বহুসংখ্যক বিষয়া কৰ্মচাৰীয়ে গম নাপায় বুলিও মন্তব্য কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান গৰাকীয়ে। তেওঁ লগতে কয় যে ছবিখন নিৰ্মাণ কৰিম বুলি ভবা বিষয়াসকলে ছবিখনৰ প্ৰচাৰৰ নামত প্ৰতিজী কমিনিকেচন আৰু আউতৰীশ এডভেটাইজিঙৰ নামত কমিচন লৈ ৪০ লাখ ৬৬ হাজাৰ ২৭৭ টকা উলিয়াই লৈ যায়।
এখন পূৰ্ণ দীর্ঘ ছবি নিৰ্মাণ আৰু প্ৰসাৰৰ নামত লাখ লাখ টকা খৰচ কৰাৰ পিছতো অসমৰ ৰাইজটো বাদেই তেওঁলোকৰ বিভাগৰ আন আন বিষয়া কৰ্মচাৰীয়ে কিয় সেই ছবিখনৰ কথা গম নাপালে বুলি ৰিহন দৈমাৰীক প্ৰশ্ন কৰে সচিব প্ৰধান গৰাকীয়ে। গতিকে মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বাধীন এই বিভাগটোয়ে প্ৰতিটো আঁচনিতে কেনেদৰে লুণ্ঠন চলাইছে, স্বচ্ছ ভাৰতৰ সজাগতাৰ নামত কেনেদৰে লুণ্ঠন চলাইছে এই সকলোবোৰ কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিব লাগে । দুৰ্নীতি মুক্ত অসম আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ ইমান বৃহৎ লুণ্ঠনৰ কথা অৱগত হোৱাৰ পিছতো কিয় বৰ্তমান লৈকে কোনো ব্যৱস্থা লোৱা নাই সেয়াও এতিয়া ৰহস্য হৈ পৰিছে বুলিও তেওঁ কয়।
- Log in to post comments
- 101 views