ৰাজ্যত বিয়াগোম দুৰ্নীতি: মুকলি আকাশৰ তলত হাজাৰ হাজাৰ ট্ৰেক্টৰ

tractor

নিউজ ডেস্ক:

বশিষ্ঠ থানাৰ অন্তৰ্গত গ্ৰেমভিলেজৰ সমীপত মুকলি আকাশৰ তলত অতি জৰাজীৰ্ণভাৱে পৰি আছে হাজাৰ হাজাৰ ট্ৰেক্টৰ। গ্ৰেমভিলেজৰ সন্মুখৰ নলাপৰা উপপথৰ স্প্ৰিংডেল স্কুলৰ কাষত অৰবিন্দ কুমাৰ সিঙৰ জংঘলেৰে পৰিপূৰ্ণ প্ৰাচীৰেৰে ঘেৰি ৰখা প্ৰায় ১ বিঘা ১ কঠা মাটিত ৰাখি থোৱা হৈছে এই ট্ৰেক্টৰসমূহ। গুৱাহাটী প্ৰেছ ক্লাৱত এ সংবাদমেলত আজি এই কথা সদৰী কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম-ৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

 ট্ৰেক্টৰ সমূহ মুকলি আকাশৰ তলত অতি জৰাজীৰ্ণ ভাৱে থোৱাৰ লগতে এয়া কোনো বৃহৎ কৰফাকি অথবা চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ বাবে মুকলি বজাৰত বিক্ৰী কৰিবলৈ থোৱা যেন অনুমান হৈছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয়, আমি এই বিষয়ত ১৮ জুন তাৰিখে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিষয়া অনুৰাগ টাংখাক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত তেওঁৰ ওচৰত অভিযোগ দাখিল কৰিছো। দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম-ৰ অভিযোগৰ পিছত অনুৰাগ টাংখাই জনায়, এই সমূহ ট্ৰেক্টৰ Take Motors and Tractors নামৰ এটা ব্যক্তিগত কোম্পানীৰ ট্ৰেক্টৰ উক্ত ব্যক্তিগত কোম্পানীটোৱে এই সমূহ ট্ৰেক্টৰ থৈ দিছে। কিন্তু হঠাতে দ্বিতীয় দিনা পুনৰ নিশা ট্ৰেক্টৰ ৰাখি থোৱা অৰবিন্দ কুমাৰৰ নলাপৰাত তদন্তকাৰী এটি দল প্ৰৱেশ কৰে। যদি এই ট্ৰেক্টৰসমূহ কোনো ব্যক্তিগত কোম্পানীৰেই, তেনেহলে  পুনৰ তদন্তকাৰী দল তালৈ যোৱাৰ কাৰণ কি বুলি অনুৰাগ টাংখাক প্ৰশ্ন কৰে ধৰ্মকান্ত গগৈয়ে।

tract

জৰাজীৰ্ণ ভাৱে পৰি থকা ট্ৰেক্টৰৰ বিষয়টো  কিবা খেলি মেলি আছে বুলি ভাবি ধৰ্মকান্ত গগৈয়ে ২১ জুন তাৰিখে বশিষ্ঠ থানাত এটি গোচৰ ৰুজু কৰে। কিন্তু আৰক্ষীয়ে তদন্ত কৰাৰ নামত আজি ১০টা দিন অতিক্ৰম কৰাৰ পিছতো গোচৰটো পঞ্জীয়ন কৰা নাই । মন কৰিবলগীয়া যে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে এই ট্ৰেক্টৰসমূহৰ বিষয়ে গোচৰ দিয়াৰ পিছত অৰবিন্দ কুমাৰ সিঙৰ চাৰিসীমাৰ পৰা আধাতকৈ বেছি ট্ৰেক্টৰ বৰ্তমান  নোহোৱা হ'ল বুলিও মন্তব্য কৰে গগৈয়ে।

আনহাতে ৰাজ্য খনত সাম্প্ৰতিক সময়ত অসম দুগ্ধ উন্নয়ন বিভাগটো বিষয়া-ঠিকাদাৰৰ বগা হাতীত পৰিণত হৈছে বুলিও অভিযোগ কৰে ধৰ্মকান্ত গগৈয়ে। তেওঁ কয় যে এই বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে নিদ্ৰাতে দিন পাৰ কৰাৰ লগতে বিভাগটোৰ বৰমুৰীয়াসকলে কোটি কোটি টকাৰ লুণ্ঠন চলাইছে।  ২০০১ চনত উজনি অসমৰ ধেমাজিত ২ কোটি ১৬ হাজাৰ টকীয়া এক বৃহৎ  দুগ্ধ উন্নয়ন প্ৰকল্প আৰম্ভ কৰিছিল। কিন্তু সেই বৃহৎ দুগ্ধ প্ৰকল্পৰ টকা ঠিকাদাৰ- বিষয়াই মিলি লুণ্ঠন কৰাৰ পাছত এতিয়া কেৱল মাত্ৰ নামতহে আছে এই প্ৰকল্প। লুণ্ঠনৰ স্বাৰ্থতে ধেমাজি জিলাৰ লাহোৱাল নামৰ ঠাইত এই প্ৰকল্প ৰূপায় কৰা হৈছে বুলি ভুল তথ্য প্ৰকাশ কৰিছে। কিয়নো ধেমাজি জিলাত লাহোৱাল নামৰ এনে কোনো ঠাই নাই বুলি কয় দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি গৰাকীয়ে। সেয়েহে এই বৃহৎ দুৰ্নীতি সম্পৰ্কে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তদন্ত ঘোষণা কৰাৰ লগতে ইয়াৰ লগত জড়িত থকা বিষয়া কৰ্মচাৰীসকলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ধৰ্মকান্ত গগৈয়ে।

Your Comments