নীতি আয়োগৰ প্ৰতিবেদন:২৯ খন ৰাজ্যৰ তালিকাত অসমৰ ২৭ নম্বৰ স্থান লাভ

niti

নীতি আয়োগৰ প্ৰতিবেদনে উদঙাইছে সোণোৱাল চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ।দেশৰ ২৯খন ৰাজ্যৰ ভিতৰত উন্নয়নৰ দিশত ২৭ নম্বৰ স্থান দখল কৰিছে অসমে। 

 

'নীতি আয়োগ'ৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা খবৰ অনুসৰি উন্নয়নৰ দিশত অসমৰ পাৰদর্শিতা সন্তোষজনক নহয়।উল্লেখ্য যে নীতি আয়োগে প্ৰতিখন ৰাজ্যৰ স্বাস্থ্য,দৰিদ্ৰতা নিৰ্মূলকৰণ, শক্তি, শিক্ষা, লিংগবৈষম্য, অনাময় ব্যৱস্থা, অৰ্থনীতি বিকাশ, পানী যোগান আদি দিশৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল।সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয়তে অসমৰ ফলাফল সন্তোষজনক নহয়।ফলত উন্নয়নৰ তালিকাত অসমে লাভ কৰিছে ২৭নম্বৰ স্থান। আনহাতে অসমক অতিক্ৰম কৰি নীতি আয়োগৰ প্ৰতিবেদনত উন্নয়নৰ দিশত আগবাঢ়ি আছে উত্তৰ-পূবৰ  দুখন ৰাজ্য মণিপুৰ আৰু মিজোৰাম।মণিপুৰে উন্নয়নৰ দিশত ১২ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে মিজোৰামে লাভ কৰিছে তালিকাত ১৩নম্বৰ স্থান।আনহাতে, তালিকাত অসমৰ পিছত আছে বিহাৰ আৰু উত্তৰ প্ৰদেশ।


গুৰুত্বপূৰ্ণ কথা এই যে নীতি আয়োগৰ প্ৰতিবেদনত উন্নয়নৰ দিশত প্ৰথম স্থান লাভ কৰিছে হিমাচল প্ৰদেশে।

Your Comments