গণেশগুৰিৰ গণেশ মন্দিৰ উচ্ছেদ কৰিবলৈ কোনে কৰিছে ষড়যন্ত্ৰ  - জানিবলৈ ক্লিক কৰক

ganesh mandir

নিউজ ডেস্ক :
গণেশগুৰিৰ গণেশ মন্দিৰ উচ্ছেদ কৰাৰ বাবে এতিয়া চলিছে গভীৰ  ষড়যন্ত । অট্টালিকা নিৰ্মাণৰ গইনালৈ গণেশ মন্দিৰ টো উচ্ছেদ কৰাৰ চক্ৰান্ত ৰচিছে একাংশ স্থানীয় লোকে। দেওবাৰে গণেশগুৰিস্থিত গণেশ মন্দিৰৰ প্ৰাংগণত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে শ্ৰী শ্ৰী গণেশ মন্দিৰ ন্যাস সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰ্মনে।সাধাৰণ সম্পাদক বৰ্মনে লগতে কয় যে আজিৰ পৰা শ বছৰ পূৰ্বে গণেশগুৰি অঞ্চলৰ  ৰাইজে স্থাপন কৰা ঐতিহাসিক শ্ৰী শ্ৰী গণেশ মন্দিৰটো এতিয়া উচ্ছেদ কৰাৰ  ষড়যন্ত্ৰ চলিছে। মন্দিৰটোৰ গাতে লাগি থকা মাটিৰ গৰাকী নবীন দাস, মন্টু দাস, বাবলি দাস, অকন দাস আদিয়ে বিল্ডাৰ কেপ্টেইন ভৰালীৰে সৈতে লগ লাগি তেওঁলোকৰ মাটিত অট্টালিকা নিৰ্মাণৰ অচিলা লৈ মন্দিৰটো উচ্ছেদ কৰাৰ চক্ৰান্ত আৰম্ভ কৰিছে। ganesh guri


 এই কাৰ্য্য সিদ্ধিৰ বাবে উক্ত ব্যক্তি সকলে যোৱা ২৮ জুন তাৰিখে নিশা প্ৰায় ১০.৩০ মান বজাত এখন এক্সকেভেটৰ মতাই আনি অতি গোপনে মন্দিৰৰ দেৱালৰ গাতে লাগি থকা মাটি খান্দিবলৈ ধৰে বুলিও তেওঁ অভিযোগ কৰি তেওঁ পুনৰ কয় যে মন্দিৰৰ গাতে লাগি থকা মাটি খিনি খান্দি  মন্দিৰটো ভাগি পৰাৰ পিছত মন্দিৰৰ মাটিখিনি তেওঁলোকে বেদখল কৰিব বিচাৰিছে।  সম্পাদক গৰাকীয়ে পুনৰ কয় যে এই লোক সকলৰ কু অভিসন্ধি জানিব পাৰিয়েই স্থানীয় ৰাইজক লগত লৈ ২৮ জুনৰ নিশাই আমি দিছপুৰ আৰক্ষী থানাত ঘটনাৰ বিষয়ে অৱগত কৰি এখন এজাহাৰ দাখিল কৰো। ইয়াৰ পিছত আৰক্ষী আহি মাটি খান্দি থকা কাম বন্ধ কৰি দিয়াৰ লগতে এক্সকেভেটৰ খনো জব্দ কৰি নিয়ে। ganeshguri3

     ইফালে উক্ত ব্যক্তি সকলে যি ডোখৰ মাটিত অট্টালিকা নিৰ্মানৰ বাবে আগবাঢ়িছে সেই মাটিখিনিত নিৰ্মানৰ কাম বন্ধ কৰাৰ বাবে অনুৰোধ জনাই তেওঁলোকৰ পৰিয়ালৰে দুগৰাকীকৈ মহিলা সদস্যাই ইতিমধ্যেই আদালতৰ দ্বাৰস্থ হৈছে আৰু আদালতেও গোচৰটো মীমাংসা নোহোৱা পৰ্যন্ত অট্টালিকাটোৰ নিৰ্মাণৰ কাম বন্ধ ৰখাৰ বাবে যোৱা ২০ জুনত এক নিৰ্দেশ জাৰি কৰা বুলিও মন্দিৰ কৰ্তৃপক্ষই আজি প্ৰকাশ কৰাৰ লগতে আদালতৰ এই নিষেধাজ্ঞাৰ স্বত্বেও তেওঁলোকে অতি গোপনে নিশাৰ আন্ধাৰৰ সুযোগ লৈ মাটি খান্দি মন্দিৰটো বগৰাই দিয়াৰ কেৱল  ষড়যন্ত্ৰ কৰাই নহয় আদালতৰ নিৰ্দেশকো চৰমভাবে অৱমাননা কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এক ধৰ্মীয় পৰিৱেশেৰে অঞ্চলটোৰ শান্তি- শৃংখলা অটুট ৰখাকে ধৰি এখন সুস্থিৰ সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা এই ঐতিহাসিক গণেশ মন্দিৰটো ৰক্ষা কৰাৰ বাবে সকলো পক্ষকে আগবাঢ়ি আহিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনায় মন্দিৰ ন্যাস সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰ্মন আৰু সদস্য সকলে।

Your Comments