উলুবাৰীস্থিত ভূমি সমীক্ষাৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ত খালি হৈ আছে অসংখ্য পদ : নিযুক্তিত নাই কোনো পদক্ষেপ বিভাগীয় মন্ত্ৰীৰ

krixi

তপন বৰগোঁহাইৰ প্ৰতিবেদন:

এডৰা মাটিত খেতি ভাল হবলৈ হ'লে মাটিডৰাৰ গুণাগুণ পৰীক্ষা কৰাটো আধুনিক কৃষি পদ্ধতিৰ এক অবিচ্ছেদ্য অংগ। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈকে কৃষি খণ্ডৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা কৈ আহিলেও ৰাজ্যৰ  কৃষি খণ্ডত যৎকিঞ্চিতো আন্তগাঁথনি বৰ্তমানেও যে গঢ়ি উঠা নাই তাৰ জ্বলন্ত উদাহৰণ উলুবাৰীস্থিত ভূমি সমীক্ষাৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়টো।kx

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ লেখীয়াকৈ যদিহে কৃষিৰ আয় দুগুণ বৃদ্ধি কৰিবলৈ হয় তেন্তে প্ৰথমতেই মান উন্নত হ'ব লাগিব এই কাৰ্যালয়টোৰ।কাৰণ এই কাৰ্যালয়টোতে অথবা এই কাৰ্যালয়টোৰ অধীনতে বিভিন্ন জিলাত কৰা হয় কৃষিকাৰ্যত প্ৰয়োগ হোৱা বিভিন্ন ৰাসায়নিক সাৰ-দ্ৰব্যৰ  প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিমাণ নিৰ্ধাৰণৰ লগতে মাটিৰ গুণাগুণ নিৰ্ণয় আদিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহ।কিন্তু অতি পৰিতাপৰ কথা এই যে আধুনিক কৃষিৰ এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে পৰিচিত হোৱা এই কাৰ্যসমূহ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ যিটো শাখা কাৰ্য্যালয়ে চোৱা ছিটা কৰে সেই কাৰ্যালয়টোৰেই আজি চৰম সংকটত।বিভাগীয় অৱহেলাৰ বাবে এতিয়া শাখা বিভাগটোৱে গতি কৰিছে মৃত্যু দিশলৈ। কাৰণ কাৰ্যালয়তোত দীৰ্ঘদিন ধৰি কোনো নতুন নিযুক্তি নোহোৱাৰ বাবে আজি খালি হৈ আছে বহু সংখ্যক পদ। চকীদাৰ, ড্ৰাইভাৰ,লেবৰটৰী সহায়ক, ভূমি পিয়লৰ কাৰিকৰী, লেবৰটৰীৰ কাৰিকৰী আদিকে ধৰি সৰ্বমুঠ ২৪টাকৈ পদ। আনহাতে কাৰ্য্যালয়টোত মহকুমা কৃষি বিষয়াৰ মুঠ পদ তিনিটা তাৰে দুটা পদেই বৰ্তমান সময়ত খালি। একেদৰে খালি হৈ আছে কৃষি উন্নয়ন বিষয়াৰো তিনিটাকৈ পদ। kd

গুৰুত্বপূৰ্ণ কথা এই যে কাৰ্যালয়টোত বিভিন্ন পয্যায়ত পদ সমূহ খালি হৈ থকাৰ বাবে কৃষক সকলৰ মাটিৰ বিভিন্ন নমুনা পৰীক্ষাৰ কাৰ্যটো সন্মুখীন হৈ আহিছে যথেষ্ঠ অসুবিধাৰ। কাৰ্যালয়টোত কৰ্মচাৰী অভাৱৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনি সীমিত ব্যৱস্থাৰ মাজতেই সহকাৰী সঞ্চালক গৰাকীয়ে একমাত্ৰ  কৃষক সকলৰ বাবে বিভাগটো জীয়াই ৰখাৰ স্বাৰ্থত বহু সময়ত নিজে কৰি দিয়ে গুণাগুণৰ পৰীক্ষাৰ। আকৌ বহু সময়ত সহকাৰী সঞ্চালক গৰাকীয়ে নিজৰ জেপৰ ধন ব্যয় কৰি হলেও কাৰ্যালয়টোলৈ অৱসৰ প্ৰাপ্ত লেবৰটৰীৰ কৰ্মচাৰীক মাতি আনি পৰীক্ষা কৰাই দিবলগীয়াৰ নিচিনা ঘটনাও সংঘতিত হৈছে।

কাৰ্যলয়টোৰ সহকাৰী সঞ্চালক অলক ৰতন দাসে জানিবলৈ দিয়া অনুসৰি "কাৰ্যালয়টোত সৰ্বোচ্চ ২২ লাখ টকা মূল্যৰ লেবৰটৰীৰ মেচিনৰ পৰা আৰম্ভ কৰি বহুসংখ্যক মূল্যৱান মেচিন আছে।কিন্তু যোৱা তিনিমাহৰ ধৰি চকীদাৰ নোহোৱাৰ ফলত সামগ্ৰী সমূহৰ নিৰাপত্তাক লৈ সকলো সময়তে তেওঁ শংকিত হৈ থাকিব লগীয়া হৈছে।kxi

আনহাতে সঞ্চালক গৰাকীয়ে জানিব দিয়া অনুসৰি চৰকাৰৰ নিয়ম অনুসৰি প্ৰতি বছৰে কাৰ্যালয়টোত ১০ হাজাৰ নমুনা পৰীক্ষা কৰিব লাগে।তাৰ বাবে কাৰ্যালয়টোত সকলোবোৰ সুবিধাও আছে। কিন্তু কৰ্মচাৰী নথকাৰ বাবে চৰকাৰৰ এই লক্ষ্য পূৰণ কৰাটো কঠিন হৈ পৰিছে কাৰ্য্যালয়টোৰ বাবে। ইফালে কাৰ্যালয়টোৰ দেৱাল সমূহো পুৰণি হোৱাৰ বাবে আজি উৱলি যাব ধৰিছে।ফলত যিকোনো সময়ত খহি পৰাৰ আশংকায়ো খেদি ফুৰে কাৰ্য্যালয়টোৰ কৰ্মচাৰী সকলক।

আনহাতে কাৰ্যালয়টোৰ এই সকলোবোৰ সমস্যাৰ কথা ইতিমধ্যে কৃষি বিভাগক অৱগত কৰাৰ হৈছে বুলিও সঞ্চালক গৰাকীয়ে আমাক জানিবলৈ দিছে। ইফালে যোৱা তিনিদিন পূৰ্বে কৃষিমন্ত্ৰী গৰাকীয়ে উক্ত স্থানত থকা কৃষি বিভাগৰ অভিযান্ত্ৰিক কাৰ্যালয় পৰা আৰম্ভ কৰি বহুকেইটা কাৰ্যালয় পৰিদর্শন কৰিলে যদিও তাপয্যপূর্ণ ভাৱে পৰিদর্শন নকৰিলে ভূমি সমীক্ষা সহকাৰী সঞ্চালকৰ কাৰ্যলয়টো।

গুৱাহাটী মহানগৰীতে থকা খোদ সহকাৰী সঞ্চালকৰ কাৰ্যালয়টোৰেই এই তথৈবচ অৱস্থাৰ পাছত জিলা সমূহত থকা কাৰ্যালয় সমূহ কি অৱস্থাত আছে সেয়া হয়তো সহজেই অনুমেয়।এতিয়া কৃষি মন্ত্ৰী অতুল বৰাই প্রধান মন্ত্রী মোডীৰ সপোনৰ কৃষিখণ্ড নিৰ্মাণ কৰাত কেনেকৈ অৰিহণা যোগাই ই হ'ব লক্ষণীয় বিষয়।

Your Comments