কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি অধ্যক্ষ হিচাপ মই পদত্যাগ কৰাৰ পিছতো দলৰ কোনো প্ৰদেশ অধ্যক্ষ, মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰিলে বুলি ৰাহুল গান্ধীয়ে দুখ প্ৰকাশ কৰাৰ পিছত এতিয়া কংগ্ৰেছত একাংশ নেতাই পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছে।সকলোৱে ৰাহুল গান্ধীৰ সমৰ্থনত পদত্যাগ কৰিবলৈ ধৰিছে।এতিয়ালৈ ১৫০ গৰাকী অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ কেইবাজনো ৰাষ্ট্ৰীয় সম্পাদক,বিভিন্ন ৰাজ্যৰ কংগ্ৰেছৰ বিষয়ববীয়া,যুৱ কংগ্ৰেছ,মহিলা কংগ্ৰেছৰ নেতা-নেত্রীয়ে পদত্যাগ কৰিছে।পদত্যাগ কৰা নেতাসকলৰ ভিতৰত আছে গোৱা কংগ্ৰেছৰ অধ্যক্ষ গিৰীশ চণ্ডোকৰো।
ইফালে, ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ স্থিতিত অটল হৈ আছে।
- Log in to post comments
- 72 views