পথাৰত নাই পানী,কিন্তু কৃষি বিভাগৰ গুদামত সজাই থোৱা হৈছে শ শ পানী সিঁচা মেচিন

krixi

নিউজ ডেস্ক :

ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ দৰে অসমৰো অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি।ৰাজ্যখনৰ প্ৰায় ৬৫ পৰা ৭০শতাংশ লোক কৃষিৰ লগতে জড়িত।সেই কথা লক্ষ্য ৰাখি প্ৰতিখন চৰকাৰে কৃষকসকলক আৰ্থিকভাৱে সহায় কৰাৰ লগতে কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে বহুতো অভিলাষী আঁচনি। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যখনৰ কৃষকসকলক সহায় কৰাৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে বহুতো অভিলাষী আঁচনি।কিন্তু সেই আঁচনিসমূহে ৰাজ্যখনৰ কৃষকসকলক প্ৰকৃতাৰ্থত  সাঙুৰি ল'ব পাৰিছেনে,  বৰ্তমান সময়ত ই কিন্তু এটা ডাঙৰ প্ৰশ্ন।


তাৰ মাজতে জানিবলৈ পৰা হৈছে  কৃষি বিভাগৰ অধীনত গ্রাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত কৃষকসকলক ৭৫ শতাংশ ৰাজসাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰা একাংশ পানীৰ মেচিন কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কামৰূপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখৰ কাৰখানাটোত  পৰিত্যক্ত অৱস্থাত থকাৰ কথা।খবৰ অনুসৰি অতুল বৰা নেতৃত্বাধীন ৰাজ্যৰ কৃষি বিভাগে সংমণ্ডলটোৰ অধীনৰ একাংশ কৃষকৰ বাবে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰফালে পানীৰ মেচিন ক্ৰয় কৰি উক্ত কাৰখানাটোলৈ আনিছিল।তাৰে কিছুসংখ্যক পানী মেচিন একাংশ কৃষকক যোগান ধৰা হ'ল যদিও বহুসংখ্যক পানী মেচিন আজি পৰ্যন্ত কাৰখানা ঘৰটোতে কৃষকসকলক যোগান ধৰাৰ পৰিৱৰ্তে পেলাই থোৱা হৈছে। এক বিশেষ সূত্ৰ অনুসৰি কাৰখানাটোত পৰিত্যক্ত অৱস্থাত ৰাখি থোৱা প্ৰতিটো পানী মেচিনৰ মূল্য প্ৰায় ২২ হাজাৰ টকাৰো অধিক।


ইয়াৰ উপৰিও কাৰখানাটোত পৰিত্যক্ত অৱস্থাত পেলাই থোৱা আছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সংমণ্ডলটোৰ অধীনৰ কৃষকসকলক ৫০শতাংশ ৰাজ সাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰা বহুকেইটা ধান সৰা মেচিনো। জানিব পৰা অনুসৰি প্ৰতিটো ধান সৰা মেচিনৰ মূল্য ১লাখ ২৬ হাজাৰ টকা।একেদৰে,গুদাম ঘৰটোত আছে কৃষকক ৰাজসাহায্যত যোগান ধৰাৰ বাবে ক্ৰয় কৰা এখন পাৱাৰ টিলাৰো।


আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি কেৱল কামৰূপ সংমণ্ডলতে নহয় সমগ্ৰ ৰাজ্যৰ কৃষি বিভাগৰ অধিকাংশ সংমণ্ডলতে কৃষকৰ বাবে ক্ৰয় কৰা একাংশ সামগ্ৰী এনেদৰে পৰিত্যক্ত অৱস্থাতে ৰাখি থোৱা হৈছে। এতিয়া প্ৰশ্ন হয়, বিভিন্ন আঁচনিৰ অধীনত কৃষকৰ বাবে ক্ৰয় কৰাৰ এনেধৰণৰ মূল্যৱান সামগ্ৰীসমূহ কিয় পেলাই থোৱা হৈছে।সামগ্ৰীসমূহ কৃষকসকলক যোগান ধৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবনে কৃষি মন্ত্ৰী অতুল বৰাই।

Your Comments