প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামৰ 'মোডী আম'ৰ ব্যাপক জনপ্ৰিয়তা

mo

সম্প্ৰতি উত্তৰ প্ৰদেশৰ ৰাজধানী লখনৌত চলি আছে 'আম উৎসৱ'।'আম উৎসৱ'ত ৭০০ টা প্ৰজাতিৰ 'আম' প্ৰদৰ্শন কৰা হৈছে।ইয়াত প্ৰদৰ্শিত এবিধ বিশেষ আম চাবলৈ যথেষ্টসংখ্যক লোকৰ সমাগম হৈছে।আমবিধ হৈছে 'মোডী আম'।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামকৰণ কৰা আমবিধ এতিয়া জনপ্রিয় হৈ পৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাকে এতিয়া পুনৰ প্ৰমাণ কৰিছে 'মোডী আম'-এ।

rr
আনহাতে, মোডীৰ জনপ্ৰিয়তা ব্যৱহাৰ  কৰি এচাম ব্যৱসায়ীয়ে যে নিজৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ঘটাই আছে,সেয়াও পুনৰ প্ৰমাণ হৈছে।উল্লেখ্য যে ইয়াৰ পূৰ্বে 'মোডী ফটকা','মোডী ফিচকাৰী','মোডী ৰাখী' আদিয়ে সাধাৰণ জনতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল।

Your Comments