বিশাল ভাৰতীয় সংস্কৃতিৰ বৈভৱসমূহক জনগণক জনোৱাৰ উদ্দেশ্য আগত ৰাখি এখন অালোচনী প্ৰকাশৰ কথা চিন্তাৰে গুৱাহাটীৰ উলুবাৰীৰ পাঞ্চজন্য ভৱনত দেওবাৰে এখন সভা অনুষ্ঠিত হয়। সভাত সৰ্বসন্মতি ক্ৰমে 'বৈভৱ' নামেৰে দুমহীয়া আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।ড:মুনীন্দ্ৰ মোহন ডেকা, ড:জয়কান্ত শৰ্মা, প্ৰমোদ কলিতা আৰু ড: ভাস্কৰজ্যোতি শৰ্মাক 'বৈভৱ' আলোচনীৰ সম্পাদনা সমিতিৰ উপদেষ্টা,অজয় কুমাৰ বৰাক সম্পাদক, দিলীপ হাজৰিকা,হেমন্ত চাবুকধৰা,সাগৰিকা ভট্টাচাৰ্য, মুকুটেশ্বৰ গোস্বামী,জ্ঞানেন বৰ্মন আৰু ৰূপম নাথক সম্পাদনা সমিতিৰ সদস্য হিচাপে ৰখা হৈছে।
'বৈভৱ' আলোচনীখনৰ প্ৰকাশৰ বাবে ৯ জনীয়া 'ভাৰতীয় সংস্কৃতি সংৰক্ষণ ন্যাস'গঠন কৰা হৈছে। দুমহীয়া 'বৈভৱ'ৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ হ'ব ২২ আগষ্টত।
ইচ্ছুক লেখকে ভাৰতীয় সংস্কৃতিৰ বৈভৱৰ বিষয়ত লেখা পঠিয়াব পাৰিব। সবিশেষ জানিবলৈ ৯৮৬৪২-৭২২৩৩ নম্বৰত লেখকে যোগাযোগ কৰিব পাৰিব।
- Log in to post comments
- 17 views