নিউজ ডেস্ক:
কৃষকসকলৰ ঋণ ৰেহাইৰ উদ্দেশ্যে মহাৰাষ্ট্ৰ চৰকাৰে ১৯,০০০ কোটি টকা ব্যয় কৰাৰ পাছতো বিগত তিনিটা বছৰত সেই ৰাজ্যখনত কমেও ১২,০২১ কৃষকে আত্মহত্যা কৰিছে । মহাৰাষ্ট্ৰৰ সাহায্য আৰু পুনৰসংস্থাপন মন্ত্ৰী সুভাষ দেশমুখে ৰাজ্যিক বিধানসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে কেৱল ২০১৫ চনৰ পৰা ২০১৮ চনলৈকেই ১২ হেজাৰৰো অধিক কৃষকে আত্মহত্যা কৰিছে। আনহাতে চলিত বছৰৰ প্ৰথম তিনিটা মাহতে অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চ মাহ লৈকেই ৬১০ জন ঋণগ্ৰস্ত কৃষকে আত্মহত্যা কৰিছে।
বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ঋণ ৰেহাইৰ আঁচনি ৰূপায়ণ সত্ত্বেও কৃষি ক্ষেত্ৰত ক্ৰমবৰ্ধমান ব্যয়ৰ কাৰণেই কৃষসসকলৰ অৱস্থাৰ কোনো পৰিবৰ্তন হোৱাগৈ নাই। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিচে বিধান সভাত কৈছিল যে ৰাজ্য চৰকাৰে ঋণগ্ৰস্ত কৃষকসকলৰ কাৰণে ২৪,০০০ টকা ব্যয় কৰিব, যাৰ ফলত ৰাজ্যখনত কমেও ৫০ লাখ কৃষক উপকৃত হ’ব। তেওঁ জনায় যে চৰকাৰে ইতিমধ্যে ব্যয় কৰা ১৯,০০০ টকাৰ দ্বাৰা কমেও ৪৩.৩২ লাখ খেতিয়ক উপকৃত হৈছে।কিন্তু বাস্তৱ ঘটনা হৈছে যে সাম্প্ৰতিক কালত কৃষি উৎপাদনৰ ব্যয় অভাৱনীয় হাৰত বাঢ়িছে। যাৰ ফলত ঋণগ্ৰস্ত কৃষকসকলৰ কোনো সমস্যাৰেই সমাধান হোৱা নাই। সাৰ, কীটনাশক দ্ৰব্য, শস্যবীজ আৰু অন্যান্য কৃষি সঁজুলিৰ অস্বাভাৱিক হাৰত মূল্য বৃদ্ধি ঘটিছে।
- Log in to post comments
- 5 views