আগশাৰীৰ ব্ৰিটিছ আলোচনী 'ব্ৰিটিছ হেৰাল্ড'ৰ সমীক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০১৯ বৰ্ষৰ বিশ্বৰ সবাতোকৈ শক্তিশালী ব্যক্তি হিচাপে চিহ্নিত কৰা হৈছে।বিশ্বৰ কেইবাগৰাকী প্ৰথমশাৰীৰ ৰাষ্ট্ৰনেতাক পিছলৈ ঠেলি পঢ়ুৱৈৰ ভোটিঙত প্ৰথম স্থান দখল কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে মুঠ ৩০.৯ শতাংশ ভোট লাভ কৰে।
মোডীৰ পিছতে দ্বিতীয় স্থানত থাকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন(২৯.৯%)।মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ২১.৯ শতাংশ ভোট লাভ কৰিবলৈহে সক্ষম হয়।আনহাতে,ভাৰতৰ চুবুৰীয়া চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙে মাত্ৰ ১৮.১ শতাংশ ভোট লাভ কৰে।
- Log in to post comments
- 9 views