নিউজ ডেস্ক : -
গুৱাহাটী মহানগৰীৰ দিছ্পুৰ থানাৰ অন্তৰ্গত বৰবাৰীৰ হিলটাউনৰ পথৰ দাতিত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে এটা অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, স্থানীয় লোকে বৰবাৰীৰ হিলটাউনৰ পথৰ দাতিত এটা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বর্তমানলৈ মৃত লোক জনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। মৃত লোক জনৰ বয়স ৬০ বছৰ মান হ'ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । ৰোগত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে হস্পিতালৰ মর্গত ৭২ ঘণ্টাৰ বাবে ৰাখি থব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 7 views