শৰাইঘাট দলঙৰ তীব্ৰ যানজঁটত নিতৌ যন্ত্ৰণা ভোগা জনতাৰ বাবে সুখবৰ।শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি চলি থকাৰ বাবে কেৱল নতুন দলঙৰে দুয়ো দিশৰ পৰা যাতায়ত চলি থকাত প্ৰায়েই তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল।এতিয়া সম্ভৱত: ২০ জুনৰ পৰা বা দুই-এদিন ইফালে-সিফালে নাগৰিকসকলে যানজঁটৰ যন্ত্ৰণা সহ্য কৰিব নালাগিব।
কাৰণ,মেৰামতি সম্পূৰ্ণ হোৱা পুৰণি শৰাইঘাটৰ দলং ২০ জুনত যাতায়তৰ বাবে মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।মেৰামতি কাৰ্যত পুৰণি শৰাইঘাট দলঙৰ ওপৰৰ পথটো নতুনকৈ নিৰ্মাণ কৰিছে ৰে'ল বিভাগে।
- Log in to post comments
- 21 views