অম্বুবাচী মেলাৰ বাবে সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতি

ambubashi

নিউজ ডেস্ক :

পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো নীলাচল পাহাৰৰ বুকুত প্ৰতিষ্ঠিত কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ'ব অম্বুবাচী মেলা।অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে প্ৰশাসনৰ লগতে সাজু হৈ উঠিছে কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতি।অহা ২২ জুনৰ নিশা ১ বাজি ৪০ মিনিট ১৮ চেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হোৱাৰ লগে লগেই পৰম্পৰা অনুযায়ী ২৩,২৪ আৰু ২৫জুনলৈ ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দ্বাৰ। ২৬জুনৰ পুৱা দেৱীৰ নিত্য পূজা সমাপনৰ পিছতে দর্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব পুনৰ মন্দিৰৰ দ্বাৰ। এই কথা সোমবাৰে এক সংবাদ মেল পাতি জানিবলৈ দিয়ে কামাখ্যা মন্দিৰৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই। মন্দিৰৰ চৌহদত থকা দলৈৰ কাৰ্যালয়ত অম্বুবাচী সন্দৰ্ভত আয়োজিত সংবাদমেলখনত তেওঁ ইয়াৰ উপৰি কয়- 'অম্বুবাচীৰ পিছত ২৬ জুনৰ পুৱা ৬ বজাত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব।সেইদিনা বিয়লি ৪.৩০ বজালৈকে ভক্তসকলে দর্শন কৰিব পাৰিব মন্দিৰ।'


ইয়াৰ উপৰিও শৰ্মাই আজি সংবাদমেলত জানিবলৈ দিয়ে যে অম্বুবাচীৰ মেলা উপলক্ষে বৰ্তমান চলি থকা মন্দিৰ দৰ্শনৰ বিশেষ ব্যৱস্থাসমূহৰ কিছু সালসলনি কৰা হৈছে।সেই অনুসৰি ২১ জুনৰ পৰা ৩০ জুনলৈকে বৰ্তমান সময়ত প্ৰচলিত প্ৰতিৰক্ষা বাহিনীৰ বাবে ৫০ টকা মূল্যৰ বিশেষ টিকটৰ সুবিধা বন্ধ থাকিব।একেদৰে ২৬ আৰু ২৭ জুনত ভিআইপি,ভিভিআইপি বাবে থকা ৫০১ টকা মূল্যৰ টিকটৰ সুবিধা বন্ধ থাকিব। ফলত সেই দিনদুটাত সাধাৰণ নাগৰিক হিচাপে সকলো যাব লাগিব। 


আজিৰ সংবাদমেলখনতে কামাখ্যা মন্দিৰৰ সৰুদলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই অম্বুবাচীলৈ আহিব লগা তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ সন্দৰ্ভত কয় যে প্ৰতিবাৰৰ দৰে এইবাৰো  আইন-শৃংখলা সুনিশ্চিত কৰাৰ বাবে দেৱালয়ৰ তৰফৰ পৰা ১২০ জন স্থায়ী সুৰক্ষা কৰ্মীৰ উপৰিও ৪০০ গৰাকী স্কাউট গাইড, ৪০০গৰাকী স্বেচ্ছাসেৱক ,১৪০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব। ইয়াৰ  উপৰিও দেৱালয়ৰ চৌপাশে পূৰ্বতে থকা ১২০টা চিচিটিভি কেমেৰাৰ লগত এইবাৰ নতুনকৈ মন্দিৰৰ ফালৰ পৰা ১৮০টা চিচিটিভি কেমেৰা ইতিমধ্যে স্থাপন কৰা হৈছে।
ইয়াৰ উপৰিও অম্বুবাচীৰ সময়ত মন্দিৰ চাফ-চিকুনত গুৰুত্ব প্ৰদান কৰা বুলি আজিৰ সংবাদমেলত তেওঁ জানিবলৈ দিয়ে।সেই অনুসৰি বৰ্তমান দেৱালয়ত থকা ২১০ জন স্থায়ী চাফাই কৰ্মীৰ উপৰিও ২০০ গৰাকী অস্থায়ী চাফাই কৰ্মীক অম্বুবাচীৰ সময়ত নিয়োগ কৰা হ'ব।

সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়া অনুসৰি দেৱালয়ৰ তৰফৰ পৰা অম্বুবাচীৰ সময়ছোৱাত  বংশীবাগানত দেৱী দৰ্শনৰ বাবে সমবেত হোৱা দর্শনাৰ্থীৰ সুবিধাৰ বাবে অস্থায়ী জিৰণি ঘৰ, চিকিৎসা শিবিৰ, প্ৰস্ৰাৱগাৰ আৰু খোৱাপানীৰ সুব্যৱস্থা থাকিব। লগতে নামনি কামাখ্যাৰ পৰা ওপৰলৈ অহা পদপথ, মটৰ পৰিবাহী পথছোৱাৰ মাজে মাজে তীৰ্থযাত্ৰীৰ জিৰণি চ'ৰা,খোৱাপানীৰ ব্যৱস্থা, উপযুক্ত বিজুলীবাতিৰ ব্যৱস্থা তথা পৰ্যাপ্ত সুৰক্ষা কৰ্মীৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে দেৱালয়ৰ তৰফৰ পৰা প্ৰশাসনক আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে।সেইদৰে অম্বুবাচীৰ দিনকেইটাত তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে ২৪ ঘণ্টাই খোৱাপানী,বিদ্যুৎ যোগান, স্বাস্থ্যসেৱা আৰু পর্যাপ্ত শৌচালয়ৰ ব্যৱস্থা কৰিবলৈয়ো প্ৰশাসনক অৱগত কৰা বুলি তেওঁলোকে সংবাদমেলত জানিবলৈ দিয়ে।

ইফালে,আজিৰ সংবাদমেলৰ যোগেদি মন্দিৰ পৰিচালনা কমিটীৰ যুটীয়া সম্পাদক ভূপেশ শৰ্মা আৰু মেলা পৰিচালনা সমিতিৰ সম্পাদক চন্দন শৰ্মাই অম্বুবাচীলৈ আহিব লগা ভক্তসকলক উদ্দেশ্য কৰি কয়-'অম্বুবাচী মহাযোগৰ সময়ত যাতে  কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলে ধঁপাত সেৱনৰ পৰা বিৰত থাকি সমগ্ৰ অঞ্চলটো যাতে ধঁপাতমুক্ত কৰি ৰাখে।লগতে,প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনাসমূহ যতে- ত'তে পেলাই মন্দিৰৰ পৰিৱেশ যাতে বিনষ্ট নকৰে। 
তদুপৰি মন্দিৰৰ চৌহদ অম্বুবাচীৰ সময়ছোৱাত চাফ- চিকুণ কৰিবলৈ প্ৰশাসনক নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈ বেৰীকেডৰ ব্যৱস্থা কৰি ভক্তসকলক তলতে ৰখাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় । 


আনহাতে,আজি বিয়লি অম্বুবাচীৰ মেলা সম্পৰ্কত মন্দিৰৰ পৰিচালনা সমিতিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ।সেই অনুসৰি অম্বুবাচীৰ দিনকেইটাত প্ৰশাসনৰ ফালৰ পৰা তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও প্ৰশাসনৰ ফালৰ পৰা ২৮০টা চিচিটিভি মন্দিৰৰ চৌহদত সংলগ্ন থাকিব।ইয়াৰ উপৰিও মেট্ৰেল ডিটেক্টৰৰ ব্যৱস্থা থাকিব।ইফালে দেশৰ চোৰাংচোৱা সন্থাৰ পূৰ্বৰ সতৰ্কবাণী অনুসৰি অম্বুবাচীৰ মেলাৰ সময়ত  ইছলামীয় সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্য গৃহবিভাগে।সেই অনুসৰি এইবাৰ অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰৰ চৌহদ পূৰ্বতকৈ বৃদ্ধি পাব সুৰক্ষা ব্যৱস্থা।

Your Comments