এন আৰ চিৰ সম্পূৰ্ণ খচৰাত এজনো বাংলাদেশীৰ নাম নাথাকিব বুলি প্ৰতীক হাজেলাই প্ৰতিশ্ৰুতি দি সাহস দেখুৱাওক : অভিজিৎ শৰ্মা

nrc2

নিউজ ডেস্ক :

অসমৰ ৰাইজে এখন নিকা আৰু স্পষ্ট এন আৰ চি বিচাৰে। এন আৰ চি খন যদি শুদ্ধ ৰূপত হয় তেনেহ'লে ই অসমীয়া জাতিৰ দলিল স্বৰূপ হ'ব । নহ'লে অসমীয়া জাতিৰ মৰণ ফান্দত পৰিণত হ'ব এন আৰ চি। দেওবাৰে বিবেকানন্দ ভৱনত সচেতন নাগৰিক মঞ্চ অসমৰ উদ্যোগত শুদ্ধ পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমৰ্থনত অনুষ্ঠিত নাগৰিক সন্মিলনত এইদৰে মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। 
     সন্মিলন খনত তেওঁ কয়" যি কোনো কাম যদি ধীৰে সুস্থিৰে কৰা হয় সেই কাম সদায় ফলপ্ৰসু হয়। সেয়েহে উচ্চতম ন্যায়ালয়ে এন আৰ চি খনৰ ক্ষেত্ৰতো কোনো খৰ খেদা নকৰি লাহে লাহে কাম সমূহ কৰিব লাগে। যাতে এখন শুদ্ধ আৰু আসোঁৱাহ সম্পূৰ্ণ এন আৰ চি অসমৰ ৰাইজে পায়।
    এতিয়া লৈকে উচ্চতম ন্যায়ালয়ে যিমান খিনি কৰিছে তাৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদয়ো জনাই জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে। 
     সন্মিলন খনত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই কয় অসমৰ বাহিৰে পৃথিৱীৰ ক'তোয়েই বিদেশীক খেদিবলৈ আন্দোলন কৰিবলগীয়া হোৱা নাই। গতিকে সমস্যাৰ গভীৰতা বুজি সকলোৱে কাম কৰা আছিল। এইটো হ'ল চৰকাৰৰ কাম। কিন্তু চৰকাৰে বিদেশী সকলক ভোটৰ লোভত অসমলৈ আহিবলৈ আহ্বান জনায় থাকে। 
       এখন শুদ্ধ এন আৰ চি ৰ বাবে ভাতৃঘাটি সংঘৰ্ষ  সৃষ্টি নকৰাৰ লগতে এন আৰ চি খনক ফুটুকাৰ ফেনত পৰিণত নকৰিবলেও ডেকাই চৰকাৰক আহ্বান জনায়। 
        আনহাতে অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যই এখন শুদ্ধ পূৰ্ণাংগ এন আৰ চিৰ ওপৰত মন্তব্য কৰি কয় যে " অসমত যি প্ৰব্ৰজন হৈ আছে সেয়া এতিয়াৰ কথা নহওঁ। সেয়া দেশ বিভাজনৰ সময়ৰ পৰাই হৈ আহিছে। কিন্তু সেই প্ৰব্ৰজন এতিয়া যি কোনো উপায়েৰে বন্ধ কৰিব লাগিব। ১২শ কোটি টকা খৰচ কৰি ২০১৫ চনৰ পৰাই এই এন আৰ চি খনৰ কাম চলি আছে। গতিকে দেৰি হ'লেও  এতিয়া আমাক এখন শুদ্ধ এন আৰ চি লাগিবই। 
      অসম সচেতন মঞ্চ, অসমৰ উদ্যোগত শুদ্ধ পূৰ্ণাংগ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ সমৰ্থনত আয়োজন কৰা বিশিষ্ট নাগৰিক সন্মিলনত প্ৰাক্তন ৰাষ্ট্ৰদূত বিনন্দ গগৈ, বিশিষ্ট নিবন্ধকাৰ জয়কান্ত শৰ্মা, সচেতন নাগৰিক মঞ্চৰ সভাপতি চন্দন ভট্টাচাৰ্য, অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু আন বহুতো লোক উপস্থিত থাকে।
ইফালে আজিৰ নাগৰিক সন্মিলন খনত উপস্থিত থাকি অসম পাব্লিক ওৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই কয় যে এন আৰ চি খন ভোটাৰ তালিকা নহয়।
   অসম চুক্তিৰ আগৰ পৰাই জাতিটোক একাংশ সুযোগ সন্ধানীয়ে বিক্ৰী কৰি আহিছে।  শৰ্মাই পুনৰ কয় দালাল পাৰ্টি, বাংলাদেশীৰ হৈ কাম কৰা ৰাজনৈতিক অৰাজনৈতিক সংগঠন সমূহ অসমত এতিয়া ভৰি আছে। তেওঁলোকে কোনোবাই ব্যৱহাৰ নকৰা লিগেচী বিক্ৰী কৰিছে বাংলাদেশী লোক সকলক। আৰু তেনেদৰেই বাংলাদেশীসকলে নিজৰ নাম সুমুৱাইছে এন আৰ চিত। এনেদৰেই জাতিটোক বিক্ৰী কৰা ব্যৱস্থাটো অসম চুক্তিৰ দিনৰ পৰাই চলি আহিছে আৰু চলিয়েই থাকিব।
       
      আনহাতে সিদিনা ছয়গাৱঁত যি ঘটনা ঘটিল সেইবিলাক ঘটনা কোনো দিন অসমৰ খিলঞ্জীয়া মানুহৰ মাজত ঘটা নাই। তাৰ মানে এইবোৰ কাম বাংলাদেশৰ মূলৰ মানুহেই কৰিছে। এই সকল লোকৰ নাম নিশ্চয় এন আৰ চি ৰ খচৰাত সোমাইছে । নহ'লে সেইবোৰে ইমান সাহস কৰিব নোৱাৰে বুলিও শৰ্মাই মন্তব্য কৰে। 
      এন আৰ চি ৰ খচৰাত তেওঁলোকৰ নাম সোমোৱাৰ পিছত খিলঞ্জীয়া ভূমিপুত্ৰৰ ছোৱালীক উলংগ হৈ নৃত্য কৰিবলৈ দিছে, তেনেহ'লে ৩১ জুলাই ৰ সম্পূৰ্ণ খচৰাত তেওঁ লোকৰ নাম সোমোৱাৰ পিছত আমাৰ ঘৰ বিলাকত তেওঁলোক নোসোমাবনে বুলিও প্ৰশ্ন কৰে অভিজিত শৰ্মাই। 
   তেওঁ লগতে কয় সেই ঘটনাটো যদি ছয়গাঁৱত  বাংলাদেশী মুছলমান খিনিয়ে যদি নকৰি বেলেগ ঠাইত হিন্দু মানুহে কৰিলে হয় তেতিয়া হ'লে দীঘলীপুখুৰীৰ পাৰত ২০ জনী মহিলাই মূৰৰ চুলি খুৰালে হয়। আৰু এই আন্দোলনৰ প্ৰতিযোগিতা কৰা যি বিলাক নেতা আৰু সংগঠন আছে সেই বিলাকে হ' হ' দি গোটেই আসম কপালে হয়। কিন্তু আজি কোনেও অসম কঁপাবলে সাহস নকৰিলে কাৰণ সন্দেহ যুক্ত মুছলিম বুলি কৈ আমি সকলোকে তৈল‍্যমৰ্দন কৰিব লাগে বুলিও শৰ্মাই নিজৰ ক্ষোভ উজাৰে । 
      তেওঁ আৰু কয় "অসমত ভয়াবহ পৰিস্থিতি আহি আছে। অসম চুক্তি কৰি বাংলাদেশী মূলৰ লোক সকলক ভাৰতীয় কৰাৰ দৰে  এন আৰ চিত নাম সুমুৱাই তেওঁলোকক এতিয়া অনুজ্ঞাপত্ৰ দিব বিচৰা হৈছে। সেয়েহে প্ৰতীক হাজেলাৰ যদি সাহস আছে তেনেহলে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ক যে ৩১ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত এজনো বাংলাদেশীৰ নাম নাথাকিব ।"

Your Comments