এইবাৰ ঝাৰখণ্ডত শ্বহীদ হ'ল ৰঙিয়াৰ বীৰ জোৱান সুনীল কলিতা

sunil

নিউজ ডেস্ক :
সন্ত্ৰাসবাদীৰে সংঘর্ষত শ্বহীদ হোৱা চিআৰপি এফৰ বীৰ জোৱান নিৰোদ শৰ্মাৰ বৃহস্পতিবাৰে শেষকৃত সম্পন্ন হৈছিলহে মাথো,তেনেতে ৰাজ্যখনলৈ আহিল আন এক দু-সংবাদ। দেশমাতৃৰ বাবে জীৱন উচৰ্গা কৰিলে আন এজন সাহসী জোৱানে। শ্বহীদি বৰণ কৰা জোৱানজন হৈছে ২০৯নং কোব্রা বেটেলিয়নৰ সুনীল কলিতা।শ্বহীদ সুনীল কলিতাৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত। কিছুদিনৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা জোৱানজনে যোৱা ২৮মে'ত ঝাৰখণ্ডত চিআৰপিএফ বাহিনীহৈ মাওবাদীৰ বিৰুদ্ধে এক অভিযানত অংশগ্ৰহণ কৰি আইইডি বিস্ফোৰণত গুৰুত্বভাৱে আহত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল। ঝাৰখণ্ডৰ চাইকিলা জিলাত সংঘটিত সন্দেহযুক্ত মাওবাদীৰ আইডি আক্রমনত গুৰুত্বভাৱে আহত হোৱা বীৰ জোৱান জনে বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে দিল্লীৰ এইমছত সন্ধিয়া ৭.৪৫বজাত মৃত্যু মুখত পৰে।ইফালে বীৰ জোৱান সুনীল কলিতাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া ৰঙিয়া ডিমুৰ নিজা ঘৰখনত  শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে যোৱা ২৮মেত সংঘটিত আইইডি বিস্ফোৰণটোত সৰ্বমুঠ ১৫জন জোৱান আহত হৈছিল ।তাৰ ভিতৰত বকোৰ মিজানুৰ ৰহমান, হোজাইৰ সম্ভূ লাল নামৰ আন দুজন জোৱানো আছিল। ইয়াৰ উপৰিও ঝাৰখণ্ডত মাওবাদীৰে সংঘষত এই মাহতেই শ্বহীদ হৈছিল এছএছবি জোৱান গহপুৰৰ নীৰজ ছেত্ৰী। বৃহস্পতিবাৰে সুনীল কলিতাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই একেটা মাহতে ৰাজ্যবাসীয়ে হেৰুৱালে তিনিগৰাকীকৈ সাহসী বীৰক।

Your Comments