মহানগৰীৰ অভিজাত বিদ্যালয়ত শিক্ষকৰ দ্বাৰা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

sankardev

নিউজ ডেস্ক :
ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা। এইবাৰ  দিছপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমী বিদ্যালয়ত সংঘটিত হ'ল এক যৌন নিৰ্যাতনৰ ঘটনা। তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ বিদ্যালয়ৰ খনৰে এজন শিক্ষকৰ বিৰুদ্ধে। ক্ৰিয়া বিভাগৰ শিক্ষক ভৱেশ দাসৰ বিৰুদ্ধে এই যৌন নিৰ্যাতনৰ অভিযোগ আনিছে বিদ্যালয়খনতে তৃতীয় শ্ৰেণীত পঢ়া ছাত্ৰী গৰাকীৰ অভিভাৱকে। অভিযুক্ত শিক্ষক ভৱেশ দাসে ছাত্ৰী গৰাকীক চকলেট দিম বুলি কৈ প্ৰসাবগাৰত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে।principal
        
ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰাই কণমানি ছাত্ৰী গৰাকীয়ে ভয়তে মানসিক ভাৰসাম্য হেৰুৱাৰো উপক্ৰম ঘটা বুলিও মত ব্যক্ত কৰে অভিভাৱকে। নিৰ্যাতনৰ বলি হোৱা ছাত্ৰী গৰাকীক প্ৰথমে গুৱাহাটীৰ ব্যক্তিগত হাস্পতালত চিকিৎসা  কৰোৱা হৈছিল যদিও চিকিৎসাৰ বাবে পিছত বাংগালুৰলৈ লৈ যাওঁতে পোহৰলৈ আহে এই জঘন্য ঘটনাটো। 
      ভুক্তভোগী অভিভাৱকে বিদ্যালয় খনৰ অধ্যক্ষা ডঃ গীতা দত্ত বৰুৱাক এই সমগ্ৰ ঘটনা অৱগত কৰোৱাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত শিক্ষক গৰাকীক সাময়িক ভাৱে কৰ্মৰ পৰা অব্যাহতি দিয়ে। 
     ভুক্তভোগী অভিভাৱকে বৃহস্পতিবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। 
 আন অভিভাৱক সকলেও অভিযোগ কৰে যে বহু সময়ত বিদ্যালয়খনত এনে বহু ঘটনা ঘটি থাকে। 
 ইফালে বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত শিক্ষকজনৰ বিপক্ষে বৰ্তমানলৈ কঠোৰ স্হিতি গ্ৰহণ নকৰা কথাটোৱেও ক্ষোভিত কৰি তুলিছে অভিভাৱক সকলক।আনহাতে  বিদ্যালয়খনৰ অধ্যক্ষা ডঃ গীতা দত্ত বৰুৱাই অভিযোগ কৰি কয় যে ছাত্ৰী গৰাকী  মানসিক ভাৱে অসুস্থ। কিন্তু ভুক্তভোগী ছাত্ৰী গৰাকীৰ ক্ষেত্ৰত এই শব্দ কেইটা ব্যৱহাৰ নকৰিবলৈ কৈ এক প্ৰকাৰ নিজৰ দায় সাৰে অধ্যক্ষা গৰাকীয়ে। 
তেওঁ লগতে কয় যে যোৱাকালি কিছু অভিভাৱকে আহি তেওঁক প্ৰতিপদে ধমকি দিয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ হৈ তেওঁ দিছপুৰ থানাত গোচৰ তৰে । 
ছাত্ৰী গৰাকীৰ পিতৃয়ে দিছপুৰ আৰক্ষী চকীত গোচৰ দিয়াৰ পিছত গুৱাহাটী পূবৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰামনদ্বীপ কৌৰে কয় যে ঘটনাটো অত্যন্ত চিন্তনীয় আৰু আমি ইয়াৰ উচিত তদন্ত কৰিম।

Your Comments