এপিএছচিৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সামৰিলে ডিব্ৰুগড় আৰক্ষীয়ে

apsc

নিউজ ডেস্ক :

অৱশেষত ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সামৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। ২০১৬ চনৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰা  অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদন আজি দাখিল কৰিলে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতত। আৰক্ষীৰ বিষয়া সুৰজিৎ সিং পানেচৰে আজি আদালতত দাখিল কৰা তদন্তৰ চূড়ান্ত প্ৰতিবেদনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক সাঙুৰি মুঠ ৭৪ গৰাকী অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হয় তদন্তৰ প্ৰতিবেদন। উল্লেখ্য যে তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৭৪গৰাকীৰ অভিযুক্তৰ ৪গৰাকী বৰ্তমান সময়ত পলাতক।

ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে আজি আদালতত তদন্তৰ বাবে আৰু অতিৰিক্ত সময় বিচৰা হোৱা নাই। কিন্তু কিছুসংখ্যক নথি-পত্ৰ আদালতত আৰু জমা দিবলৈ বাকী আছে তাৰ বাবে অতিৰিক্ত আৰু ৮সপ্তাহ সময় আজি আদালত বিচৰা হৈছে।সেই অতিৰিক্ত সময় সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে অহা ২০ জুনত ৰায় প্ৰদান কৰিব। উল্লেখ যে ডিব্ৰুগড় আৰক্ষীৰ ৯৩৬/১৫ নম্বৰ গোচৰৰ অধীনত ২০১৬ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হৈছিল অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী গোচৰটোৰ তদন্ত।উক্ত গোচৰ ৰুজু হোৱাৰ কিছুদিন পিছতেই সেই বর্ষৰে ৪ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল এপিএছচিৰ অধ্যক্ষ ৰাকেশ পাল। তাৰ পৰৱৰ্তী সময়ত বহুসংখ্যক ৰাজপত্ৰিত বিষয়া এপিএছচিৰ চাকৰি ক্ৰয় কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হব লগা হৈছিল। তাৰে কিছুসংখ্যক অভিযুক্ত ৰাজপত্ৰিত বিষয়া জামিনত মুকলি আকাশৰ তললৈ আহিছে যদিও অধ্যক্ষ ৰাকেশ পালৰ পৰা আৰম্ভ কৰি বহু সংখ্যক অভিযুক্ত এতিয়াও  ন্যায়িক জিম্মাতে আছে।

ইফালে আজি তাদন্তকাৰী আৰক্ষীয়ে  আদালতত দাখিল কৰা প্ৰতিবেদনখন হৈছে এপিএছচি কেলেংকাৰীৰ নৱমখন প্ৰতিবেদন।আৰু আজিৰ এই প্ৰতিবেদনখনে হৈছে অন্তিমখন প্ৰতিবেদন। আনহাতে তাদন্তকাৰী আৰক্ষীৰ বিষয়া সুৰজিৎ সিং পানেচৰে জানিবলৈ দিয়া অনুসৰি আজি যদিও অন্তিমখন প্ৰতিবেদন আদালতত দাখিল কৰা হৈছে যদিও এই সংক্ৰান্তত নতুন কিবা অভিযোগ পালে তেন্তে তাৰ ওপৰত পুনৰ তদন্তৰ কৰা হ'ব। বৰ্তমান এপিএছচি কেলেংকাৰী সন্দৰ্ভত বৰ্তমান আমাৰ হাতত কোনো অভিযুক্ত নাই বুলিও তেওঁ উল্লেখ কৰে।

Your Comments