১৬ জুনত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত ৰূপকোঁৱৰৰ জন্ম দিৱস উদযাপন 

rup

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শতষোড়শতম জন্মদিৱসটো এদিন পূৰ্বে অহা ১৬ জুনত গুৱাহাটী প্ৰেছ ক্লাবত উদযাপন কৰা হ'ব।গুৱাহাটী প্ৰেছ ক্লাবত দুপৰীয়া ১ বজাৰ পৰা ৫ বজালৈ সেই উপলক্ষে আলোচনাচক্ৰ,কবি সন্মিলন,জ্যোতিসংগীত পৰিৱেশন আদি কাৰ্যসূচীৰ আয়োজন কৰা হ'ব।আলোচনাচক্ৰৰ বিষয় 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সামগ্ৰিক সৃষ্টি।'আলোচক হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ বিভাস চৌধুৰীয়ে।


জন্মদিৱস উদযাপনৰ কার্যসূচীত উপস্থিত থাকিব ৰূপকোঁৱৰৰ নাতিনী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ডঃৰাধা দাস।লগতে উপস্থিত থাকিব বিশিষ্ট কবি আনিছ উজ জামান,সাহিত্য একাডেমী অনুবাদ বঁটাপ্রাপ্ত বিপুল দেউৰী প্ৰমুখ্যে আগশাৰীৰ কবি-সাহিত্যিকসকল।ৰূপকোঁৱৰৰ জন্মদিৱস উদযাপনৰ কার্যসূচীত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সদস্যসকলৰ উপস্থিতি কামনা কৰিছে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি চামচুল হক আৰু সম্পাদক জোনালী মজুমদাৰে।

Your Comments