শিৱসাগৰত আছুৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন

sibsagar

শিৱসাগৰৰ পৰা কল্যাণশিৱসাগৰত আছুৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দনজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

শিৱসাগৰ চহৰৰ নাট্যমন্দিৰত আজি সদৌ অসম ছাত্ৰ সন্থা  শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলা খনৰ প্ৰায় ছয় শতাধিক ছাত্ৰ -ছাত্ৰীক অভিনন্দন জনাই ।  আছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অসীম দত্তৰ সভাপতিত্বত  অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানটিৰ  উদ্ধোধক হিচাপে উপস্থিত থাকি গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই ছাত্ৰ-ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালকৈ সামাজিক দায়িত্ব বোধৰ প্ৰতি সংবেদনশীল হ’বলৈও আহ্বান জনাই । ভাষণ প্ৰসংগত ড° মহন্তই আনৰ অপকাৰ নকৰাকৈ সঠিক পথলৈ আগুৱাই গৈ দেশ আৰু জাতিৰ হকে কাম কৰিব পাৰিলেহে কৃৰ্তিতৰ মূল্য থাকিব বুলি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয়৷sib

 আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে তেওঁৰ ভাষণ প্ৰসংগত কয়,  সদৌ অসম ছাত্ৰ সন্থাৰ নেৰা -নেপেৰা প্ৰচেষ্টাৰ বাবেহে চেবাই সঠিক সময়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে। চেবাৰ পূৰ্বৰ বিসংগতি  সন্দৰ্ভতো আছুৰ সভাপতি গৰাকীয়ে মন্তব্য কৰি সেই বিসংগতিসমুহৰ বিৰুদ্ধে আছুয়ে সৰৱ ভূমিকা পালন কৰাই বাবেই  এতিয়া চেবা বহু পৰিমাণে সংশোধিত হৈছে বুলিও মন্তব্য কৰে ৷  দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰসংগ দাঙি ধৰি দীপাংক নাথে ছাত্ৰ-ছাত্ৰী সকলক দেশ আৰু জাতিৰ সমস্যাসমূহৰ বিষয়ে সঘনাই শৈক্ষিক আড্ডা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই ।শিৱসাগৰ জিলাৰ পলাসনিৰ ৰাজীৱ গান্ধী পেট্ৰলিয়ম ইনষ্টিটিউটৰ নিৰমাৰ্ণৰ কাম কাজ ৰাজনৈতিক হাতোৰাত পৰি অতি লেহেমীয়া গতিত আগবঢ়াত আছুৰ সভাপতি গৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ৰাজীৱ গান্ধী পেট্ৰলিয়ম ইনষ্টিটিউটৰ কাম ত্বৰান্বিত কৰিবৰ বাবে চৰকাৰক দাবী জনায়। 

অনুষ্ঠানত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কীৰ্তি ছাত্ৰ-ছাত্ৰী সকলক অধিক সময় ছচিয়েল মিডিয়াত ব্যস্ত  নাথাকিবলৈ পৰামৰ্শ দিয়ে। আৰক্ষী অধীক্ষক গৰাকীয়ে সাম্প্ৰতিক সময়ত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত সামাজিক দায়িত্ববোধৰ অভাৱ ঘটাৰ কথা উনুকিয়াই আক্ষেপ প্ৰকাশ কৰে। 

 আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই কেৱল মেধা শক্তিক আমি মানৱ সম্পদৰূপে চিহ্নিত কৰিলেই নহ’ব বুলি মন্তব্য কৰি পৰীক্ষা সমুহত অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিও দায়িত্বশীল হ’ব লাগিব বুলি মন্তব্য কৰে। তেওঁ বিগত সময় বোৰত অনুষ্ঠিত হোৱা বিভিন্ন পৰীক্ষাত আৰ্থিক ভাবে অনগ্ৰসৰ পৰিয়ালৰ  ছাত্ৰ-ছাত্ৰী সকলে ভাল ফল দেখুওৱাবলৈ সক্ষম হোৱাৰ তেনে কিছু বিষয় উনুকিয়াই প্ৰতিভাক কেতিয়াও কোনো বাধায়ে ধৰি ৰাখিব নোৱাৰে বুলি কয়। ।sib

আজিৰ  এই অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক সমীৰণ ফুকন আৰু শিক্ষক ব্ৰজেন বড়াই। অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰতে স্থান লাভ কৰা অৰ্চিতা দুৱৰা, দেৱাশ্ৰী শইকীয়াৰ উপৰি ৬ শতাধিক ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰি অভিনন্দন জনোৱা হয় ।

Your Comments