নিউজ ডেস্ক :
মহানগৰীৰ চন্দ্ৰপুৰত ফুৰিবলৈ আহি ব্ৰহ্মপুত্ৰত জাগীৰোড কলেজৰ দুই ছাত্ৰৰ সলিল সমাধি ঘটাৰ লগতে চন্দ্ৰপুৰ কলেজৰ এগৰাকী ছাত্ৰী বৰ্তমানেও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। মৃত ছাত্ৰ- দুই গৰাকী হৈছে ক্ৰমে ৰঞ্জন ডেকা ,ভাৰ্গৱ ডেকা আৰু বৰ্তমাননেও সন্ধানহীন হৈ থকা ছাত্ৰী গৰাকী হ'ল চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ তৃষ্ণা কলিতা।প্ৰাপ্ত খবৰ অনুসৰি ছাত্ৰ ৰঞ্জন ডেকাৰ ঘৰ মৰিগাঁৱাৰ গৌৰীপুৰত আৰু ভাৰ্গব ডেকাৰ ঘৰ মায়াঙৰ কালিশিলা পাৰ গাঁৱত। প্ৰাপ্ত খবৰ অনুসৰি পাঁচগৰাকীৰ বন্ধু-বান্ধৱী ফুৰিবলৈ আহিছিল চন্দ্ৰপুৰৰ তাতিমাৰাৰ তপোবনত।তাৰ পাছতে তিনিজনে জাপ দিয়ে ব্ৰহ্মপুত্ৰত।ইফাল ঘটনা সংঘটিত হোৱাৰ পাছতেই এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে দুই ছাত্ৰক। কিন্তু এতিয়াও সন্ধান লাভ কৰা নাই চন্দপুৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্ৰী তৃষ্ণা কলিতাৰ। ঘটনাৰ সংঘটিত হোৱা স্থানত প্ৰাগজ্যোতিষপুৰ থানা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্ততহে ঘটনা সন্দৰ্ভত বিতংকৈ জানিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে।
- Log in to post comments
- 8 views