![nsui](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-03%20at%206.22.56%20PM.jpeg?itok=S5ldFtVC)
ৱাহিদুদ জামান,নগাঁও :
নগাঁও জিলাৰ চামুগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰমাত যোৱা ২৯ মে'ত স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাক গাড়ীৰে গৈ থকা অৱস্থাত তেওঁলোকক আক্ৰমণ কৰা বিজেপি কৰ্মীক গ্ৰেপ্তাৰৰ দাবীত আজি নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু জিলা এন এচ ইউৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা দুঘণ্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠন দুটাৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপি হায় হায়, বিজেপিৰ গুণ্ডাগিৰি নচলিব, গণতন্ত্ৰ ৰক্ষা কৰক আদি বিভিন্ন শ্ল'গান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
অৱস্থান ধৰ্মঘটস্থলীত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমৰুল ইছলাম চৌধুৰী, নগাঁও জিলাৰ সভাপতি আজাহাৰ আলী আহমেদ, এন এচ ইউৰ ৰাজ্যিক সম্পাদক ইফতিকাৰ হুছেইন আদিয়ে বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি মন্তব্য দিয়ে। অৱস্থান ধৰ্মঘটৰ পিছত সংগঠন দুটাই যুটীয়া ভাবে নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত উল্লেখ কৰে যে সেই দিনা বিধায়ক ৰকিবুল হুছেইন আৰু নুৰুল হুদাক আক্ৰমণ কৰা ঘটনাৰ লগত জৰিত উদণ্ড বিজেপি কৰ্মীক আৰক্ষীয়ে ৰহস্যজনক ভাবে গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা সোধা পোছা পৰ্যন্ত কৰা নাই। সেয়ে বিধায়কদ্বয়ক আক্ৰমণ কৰা বিজেপি কৰ্মী সকলৰ বিৰুদ্ধে বিভিন্ন অপৰাধমুলক গোচৰ ৰুজু হৈ থকাৰ পিছত কিয় আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্নৰ অৱতাৰণা কৰি তেওঁলোকৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
- Log in to post comments
- 10 views