শিৱসাগৰ চাইক্লিং কমিউনিটিৰ উদ্যোগত বিশ্ব চাইকেল দিৱস পালন

cycle

কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰঃ

আজি বিশ্ব চাইকেল দিৱস। এই দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো পালন কৰা হয় বিশ্ব  চাইকেল দিৱস। শিৱসাগৰ চাইক্লিং কমিউনিটিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰত বিশ্ব  চাইকেল দিৱস পালন কৰা হয়। পুৱা ৫.৩০ বজাত ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ চাইক্লিং কৰে। শিৱসাগৰ, ডিব্ৰুগড় আৰু অৰুনাচলৰ প্ৰায় ১৫০ গৰাকী চাইক্লিষ্টে শিৱসাগৰ চাইক্লিং কমিউনিটিয়ে আয়োজন কৰা এই ৰেলীত অংশ গ্ৰহণ কৰে। এই চাইক্লিং ৰেলীৰ ফ্লেগ অফ কৰে শিৱসাগৰ চৰকাৰী উতচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ অধ্যক্ষ ৰমন শৰ্মাই। উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জেষ্ঠ্ সাংবাদিক সুমেশ ডেকাকে ধৰি বহু গণ্য মান্য ব্যক্তিয়ে। বৰ্ডিং খেল পথাৰৰ পৰা জয়সাগৰ, ভটিয়াপাৰ, প্ৰগতি হৈ ঐতিহাসিক বৰপুখুৰী পৰা বৰ্ডিং খেলপথাৰত সামৰণি হয় এই চাইকেল ৰেলীৰ।
 আনহাতে চাইক্লিষ্ট সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সম্পূৰ্ণ ২৫ কিলোমিটাৰ পথ চাইকেল চলাই এই ৰেলীত অংশ গ্ৰহণ কৰে।
এই ৰেলীৰ জৰিয়তে নিজকে সু স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায়।  

বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত চাইকেল এতিয়া স্মৃতিৰ গৰ্ভত। তেনে সময়তে শিৱসাগৰ চাইক্লিং কমিউনিটিয়ে চাইকেলক পুনৰ ৰাজপথলৈ আনি যুৱ প্ৰজন্মক চাইকেল চলোৱাৰ বাবে উৎসাহ যোগোৱা কাৰ্য্যক সমগ্ৰ শিৱসাগৰবাসীয়ে  প্ৰশংসা কৰিছে।

Your Comments