গোলাঘাটত অবৈধ কাঠৰ মিল আৰু বালিৰ গাড়ী জব্দ

mill

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন 

 

গোলাঘাটৰ বিভিন্ন অঞ্চলত অবৈধ বালি আৰু চোৰাং কাঠৰ ব্যৱসায়ৰ দৰে অসামাজিক কাম-কাজে প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে শুকুৰবাৰে ৰেঞ্জ অফিচাৰ ৰঞ্জিত ফুকনৰ নেতৃত্বত এএফটিএফৰ এটা দলে অভিযান চলাই এটা কাঠৰ মিল আৰু অবৈধ বালি কঢ়িয়াই নিয়া এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে,শুকুৰবাৰে পুৱা ১০ বজাত গোলাঘাটৰ বাদুলিপাৰা অঞ্চলত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে চলাই অহা এটা কাঠৰ মিল জব্দ কৰে।

truck

লগতে,শনিবাৰে  পুৱা ৯-৩০ বজাত অভয়াপুৰী অঞ্চলত  এ এছ ০৫ -চি ৯১৪৭ নম্বৰৰ এখন চোৰাং বালি কঢ়িয়াই নিয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কাঠৰ মিলটোৰ পৰা প্ৰায় ১ লাখ ৫০ হাজাৰ টকাৰ মূল্যবান কাঠ জব্দ কৰে। বন বিভাগৰ এনে তৎপৰতাত সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Your Comments