![bgn](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-05-31%20at%2010.55.58%20PM.jpeg?itok=rJuwSbJd)
বঙাইগাঁওঃ ৩১ মেঃ
বঙাইগাঁও ৰ'টাৰী ক্লাবৰ উদ্যোগত আৰু ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগম (ALIMCO) তথা ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সহযোগত শুকুৰবাৰে বঙাইগাঁও আৰু দাঁতি কাষৰীয়া জিলাৰ দিব্যাংগসকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় ৷ এই উপলক্ষে উত্তৰ বঙাইগাঁওস্থিত মাৰোৱাৰী যুৱ মঞ্চৰ ভৱনত অনুষ্ঠিত অনুষ্ঠান মুকলি কৰে পশ্চিম অসম সংমণ্ডলৰ উপ- আৰক্ষী মহাপৰিদৰ্শক ৰৌণাক আলী হাজৰিকাই ৷
এই অনুষ্ঠানত মুঠ ১৯১ গৰাকী পুৰুষ আৰু মহিলা দিব্যাংগক চকা থকা চকী, ট্ৰাই চাইকেল, কম'ড থকা চকী, পেং, স্মাৰ্ট লাখুটি, ৰ'লেটৰ, স্মাৰ্ট ফোন, কাণেৰে শুনা যন্ত্ৰ আদি বিতৰণ কৰা হয় ৷ বঙাইগাঁও ৰ'টাৰী ক্লাবৰ সভাপতি প্ৰদীপ কুমাৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ভি. আৰ. চি.দুলাল ৰিৱানী উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানৰ আঁত ধৰে ৰ'টাৰী ক্লাবৰ সদস্য অধ্যাপক ৰঞ্জিত কুমাৰ বৰ্মণে ৷ অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে ডাঃ ধৰ্মেশ্বৰ হাজৰিকা, অপু গুহ ঠাকুৰতা, পাৰ্থ দাশগুপ্তা, লক্ষীকান্ত শৰ্মা,আখিয়া চান্দ বৈদ আদিয়ে ৷
- Log in to post comments
- 32 views