![bgn](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-05-31%20at%2010.54.45%20PM%20%281%29.jpeg?itok=x-fwvNx2)
বঙাইগাঁওঃ ৩১ মেঃ
বঙাইগাঁও চহৰৰ আৰোগ্য হাস্পাতালৰ ওচৰৰ পৰা বৃহস্পতিবাৰে স্থানীয় লোকে এজন মটৰ চাইকেল চোৰক খেদি খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ ধৃত মটৰ চাইকেল চোৰজন গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং বলদমাৰীৰ হবিবৰ ৰহমান ( ৩০) ৷ মটৰ চাইকেল চোৰজনৰ পৰা আৰক্ষীয়ে এটা মোবাইল, মটৰ চাইকেলৰ চাবি আৰু মটৰ চাইকেলৰ লক ভাঙিবলৈ ব্যৱহাৰ কৰা সৰজ্ঞাম উদ্ধাৰ কৰে ৷
ধৃত হবিবৰ ৰহমানৰ লগত আন এজন সহযোগী আছিল যদিও পলায়ণ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে বিয়লিৰ ভাগত আৰোগ্য হাস্পাতালৰ সন্মুখত ৰখা এখন মটৰ চাইকেল চুৰি কৰি নিয়াৰ বাবে দুজন যুৱকে যো- যা কৰি থকাৰ সময়তে মটৰ চাইকেলৰ গৰাকীয়ে প্ৰত্যক্ষ কৰি নিজৰ মটৰ চাইকেলৰ ওচৰত উপস্থিত হোৱাত যুৱকদ্বয়ে দৌৰি পলায়ণ কৰে যদিও পিছে পিছে খেদি গৈ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ পিচত স্থানীয় ৰাইজে ধৃত চোৰজনক কিছু উত্তম মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷ অৱশ্য লগৰ আনজন পলায়ণ কৰিবলৈ সক্ষম হয় ৷
- Log in to post comments
- 8 views