বঙাইগাঁৱত পথ দুৰ্ঘটনা,থিতাতে নিহত এজন 

bgn

বঙাইগাঁওঃ ৩১ মেঃ

বঙাইগাঁও চহৰৰ নিকটবৰ্তী পুৰণি বঙাইগাঁৱৰ হাতীউতত্ৰাত আজি সন্ধিয়া প্ৰায় ৭ বজাত এখন টাটা মেজিক আৰু স্কুটীৰ মাজত সংঘটিত সংঘৰ্ষত এজন যুৱক থিতাতে নিহত হয় ৷  নিহত যুৱকজন স্কুটী আৰোহী নিৰঞ্জন মণ্ডল ( ২৫)  বুলি আৰক্ষীয়ে চিনাক্ত কৰে ৷ মৃত নিৰঞ্জন মণ্ডলৰ ঘৰ জিলাখনৰ অভয়াপুৰী থানাৰ অন্তৰ্গত ২ নং খগড়পুৰত ৷ আনহাতে স্কুটীখনত থকা পুৰণি বঙাইগাঁও ঝাকুৱাপাৰাৰ মাধৱ ৰায় ( ৩৫) নামৰ আনজন যুৱকো গুৰুতৰভাৱে আহত হয় ৷ একেদৰে  টাটা মেজিক বাহনখনত থকা যাত্ৰীসকলো আহত হয় ৷ জানিব পৰা মতে এ এচ ১৯ চি - ৪৫৪০ নম্বৰৰ যাত্ৰীবাহী টাটা মেজিক বাহনখন বঙাইগাঁও চহৰৰ পৰা অভয়াপুৰীলৈ বুলি গৈ থকা অৱস্থাত পুৰণি বঙাইগাঁৱৰ হাতীউত্ৰাত বিপৰীত দিশৰ পৰা বঙাইগাঁও দিশে আহি থকা এ এচ ১৯ এম ৫৬৮৫ নম্বৰৰ স্কুটীখনৰ সৈতে সংঘৰ্ষ হয় ৷ সংঘৰ্ষৰ ফলত টাটা মেজিক বাহনখন পথৰ ওপৰতে বাগৰি পকাৰ বিপৰীতে স্কুটীখন পথৰ দাঁতিত চিটিকি পৰে ৷bgn2

দুৰ্ঘটনাটোত খগড়পুৰ দ্বিতীয় খণ্ডৰ শচীন্দ্ৰ মণ্ডলৰ পুত্ৰ নিৰঞ্জন মণ্ডলৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে স্কুটীখনত থকা আনজন যুৱক মাধৱ ৰায় গুৰুতৰভাৱে আহত হয় ৷ একেদৰে আহত হয় টাটা মেজিকখনৰ যাত্ৰীও ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বঙাইগাঁও যান - বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সেইদৰে মৃতদেহটোও উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ টাটা মেজিকখনত দহ জনমান যাত্ৰী আছিল বুলি আহত এজন যাত্ৰীয়ে জানিবলৈ দিয়ে ৷ টাটা মেজিকখনৰ সকলো যাত্ৰী কিছু পৰিমাণে আহত হয় ৷ আহতসকলৰ ভিতৰত ভূমিকা ৰায় ,ভূপালেশ্বৰ সৰকাৰ আদি আছে ৷ ইপিনে স্কুটীখনত থকা আনজন যুৱক মাধৱ ৰায়ৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে মাধৱ ৰায়ক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷   

Your Comments