মহম্মদ চনাউল্লাহক গ্ৰেপ্তাৰ : নীলবাগানত সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ আমছুৰ

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাই জিলা আমছুৰ সাঃসম্পাদক কবিৰ আহমেদ লস্কৰৰ উপস্থিতিত আমছুৰ কৰ্ম কৰ্তা সকলে সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।পৰিয়ালৰ সকলো সদস্য ভাৰতীয় হোৱাৰ পাছত চনাউল্লাহ কেনেকৈ হয় বিদেশী হয় বুলিও আজিৰ প্ৰতিবাদী কাৰ্যসূচীতে প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে। উল্লেখ্য যে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ-পৰিদৰ্শক মহম্মদ চনাউল্লাহক বিদেশীৰ নামত গ্ৰেপ্তাৰ কৰি গোৱালপাৰা ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰিছিল আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।জানিব পৰা মতে কামৰূপৰ চাম্পুপাৰাৰ চনাউল্লাহক বৰ্তমান গোৱালপাৰা ডিটেনচন কেম্পত ৰখা হৈছে। বিদেশী ন্যায়াধিকৰণৰ গোচৰত চনাউল্লাক গ্ৰেপ্তাৰ কৰাৰ পাছত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিভিন্ন দল সংগঠনে এই ঘটনাক ধিক্কাৰ, গৰিহণায়ো  দি আহিছে।  ৰাজ্যৰ কেইবাটাও অঞ্চলত আমছুকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা কৰাৰ লগতে নীলবাগানতো আমছুৰ কৰ্ম কৰ্তা সকলে আজি সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments