নামৰূপত ৰাজহুৱা শৌচাগাৰৰ আধাৰশিলা আৰু মোবাইল টয়লেট সেৱা উন্মোচন

naharkatiya

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্রতিবেদন :
নামৰূপৰ লালপাগুৰি ঘাটৰ দেওবৰীয়া বজাৰ আৰু বুধবৰীয়া মহিলা বজাৰ প্ৰাঙ্গনত আজি এটা ৰাজহুৱা শৌচাগাৰৰ আধাৰশিলা স্থাপন কৰা হয়। নামৰূপ পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত চাৰিলাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ  হ'বলগীয়া উক্ত ৰাজহুৱা শৌচাগাৰৰ আধাৰশিলা স্থাপন কৰে নাহৰকটীয়াৰ বিধায়ক নৰেন সোনোৱালে।namrup

ইয়াৰ পিছতেই নামৰূপ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত এটা মোবাইল টয়লেটৰো ফিটাকাটি উন্মোচন কৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৌৰসভাৰ সভাপতি নিতু সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভাৰ। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই।নাহৰকটীয়াৰ চক্ৰবিষয়া বিক্ৰম চেএী, বি, জে, পিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰঞ্জীত বৰুৱাকে প্ৰমুখ্যে কৰি বহুতো বিশিষ্ট ব্যক্তি উক্ত সভাত উপস্থিত থাকে 

Your Comments