পাকিস্তানত সংঘটিত হৈ থকা অপৰাধমূলক ঘটনাত শেহতীয়াভাৱে পুনৰ এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে ৷ এইবাৰ নিজ স্বামীয়ে নৃশংসভাৱে গুলীয়াই হত্যা কৰে পাকিস্তানৰ জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী ৰেছমাক ৷
পাকিস্তানৰ খাইবাৰ পাখটুনখোৱাৰ নৌচেৰা কালান অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ জিঅ' টিভিৰ এক সূত্ৰমতে ৰেছমা আছিল তেওঁৰ হত্যাকাৰী পতিৰ চতুৰ্থগৰাকী পত্নী ৷ আনহাতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ কিছুদিন আগৰে পৰা ৰেছমাই নিজৰ ককায়েকৰ লগত থাকিবলৈ লৈছিল ৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, হত্যাকাৰীয়ে তেওঁ থকা ঘৰটোত প্ৰৱেশ কৰি পত্নীৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰে আৰু তাৰ পৰা পলায়ন কৰে ৷ ঘৰুৱা কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷
উল্লেখ্য যে পাকিস্তানৰ খাইবাৰ পাখটুনখোৱাত চলিত বছৰত মহিলা শিল্পীৰ ওপৰত সংঘটিত এইটো ১৫সংখ্যক অপৰাধজনিত ঘটনা ৷ একেধৰণৰ ঘটনাত যোৱা ৩ ফেব্ৰুৱাৰীত এক ব্যক্তিগত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে মঞ্চ অভিনেত্ৰী ছুনবুলক গিৰীয়েকে হত্যা কৰিছিল ৷ ৰেছমা আছিল পছটু সংগীতৰ জনপ্ৰিয় শিল্পী আৰু পাকিস্তানী নাট্য জগতৰ বিখ্যাত অভিনেত্ৰী ৷
- Log in to post comments
- 15 views