'বৰ অসম সামাজিক সাংস্কৃতিক মঞ্চ'ৰ কামৰূপ মহানগৰ জিলা সমিতিখন যোৱা ২৬ মে'ত দিছপুৰ প্ৰেছ ক্লাবত গঠন কৰা হয়।মঞ্চৰ কেন্দ্ৰীয় সভাপতি লীলাৰাম দলৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত দেৱেশ্বৰ কলিতাক সভাপতি;হৰেশ্বৰ ডেকা,নিবেদিতা হাজৰিকা,সুৰঞ্জনা কলিতা,মিনতি বৰুৱাক উপসভাপতি;দিপালী শইকীয়াক সাধাৰণ সম্পাদক,প্ৰদীপ কুমাৰ বৰা,প্ৰভাত বৰদলৈ,পৰিনীতা শইকীয়া দুৱৰা,দীপ হাজৰিকাক সম্পাদক আৰু কেইবাজনো বিষয়ববীয়াক লৈ মঞ্চৰ কামৰূপ মহানগৰ জিলা সমিতিখন গঠন কৰা হয়।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্যিক ভৱানী প্ৰসাদ অধিকাৰী আৰু জিকিৰ সম্ৰাট আজিমুদ্দিন আহমেদে 'বৰ অসম'ৰ সাংস্কৃতিক ভেটি সুদৃঢ় কৰিবলৈ আৰু ঐক্য,শান্তি আৰু সমন্বয়ৰ পথেৰে আগবাঢ়িবলৈ সংগঠনটোৰ সদস্যসকলক আহ্বান জনায়।কেন্দ্ৰীয় বিষয়ববীয়া শিখা বেজবৰুৱা গোস্বামীয়ে নৱগঠিত কামৰূপ মহানগৰ জিলা সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য আগবঢ়ায়।কেন্দ্ৰীয় বিষয়ববীয়া মৌচুম বুঢ়াগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায়।
- Log in to post comments
- 98 views