ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত জয়ী হৈছে শাসনাধিষ্ঠিত এন ডি এৰ প্ৰাৰ্থী হৰিবংশ নাৰায়ণ সিং ৷ যোৱা জুলাই মাহৰ পৰাই খালী হৈ আছিল এই গুৰুত্বপূৰ্ণ পদটো ৷ এন ডি এৰ প্ৰাৰ্থীজনে ১২৫টা ভোট লাভ কৰে ৷
আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ প্ৰাৰ্থী বি কে হৰিপ্ৰসাদে লাভ কৰে ১০৫টা ভোট ৷ ৰাজ্যসভাৰ নৱনিৰ্বাচিত উপাধ্যক্ষ হৰিবংশ সিং এন ডি এৰ অংশীদাৰ দল জনতা দল (ইউনাইটেড)ৰ সাংসদ ৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হৰিবংশ নাৰায়ণ সিঙে সাংবাদিকতাতো ডিপ্লমা অৰ্জন কৰে ৷
দীৰ্ঘদিন ধৰি তেওঁ এখন আগশাৰীৰ হিন্দী দৈনিক বাতৰিকাকতৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল ৷ ২০১৪ চনত ৰাজ্যসভালৈ মনোনীত হৈছিল ৰাজ্যসভাৰ নৱনিৰ্বাচিত উপাধ্যক্ষগৰাকী ৷
- Log in to post comments
- 26 views