কলিয়াবৰত অক্ষত কংগ্ৰেছৰ দুৰ্গ:গৌৰৱ গগৈৰ জয়লাভ

gourav

নগাঁৱৰ পৰা ৱাহিদুদ জামান

১১ নং কলিয়াবৰ সংসদীয় সমষ্টিত এআইইউডিএফ দলে প্ৰাৰ্থিত্ব নিদিয়াটো গৌৰৱ গগৈৰ বাবে মহৌষধ হৈ পৰিল।কংগ্ৰেছে এআইইউডিএফৰ সৈতে কৰা গোপন মিত্ৰতাৰ  সুবাদতে কলিয়াবৰ লোকসভা সমষ্টিত পুনৰ উৰিল কংগ্ৰেছৰ বিজয়ধবজা।আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি কলিয়াবৰ লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক ২,০৬৪৫৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়বাৰলৈ লোকসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। 


কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৭,৭৬,৭৭১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজিত প্ৰাৰ্থী অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৫, ৭০, ৩১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। গৌৰৱ গগৈৰ এই বিজয়ৰ লগে লগে সংসদীয় সমষ্টিটোত কংগ্ৰেছৰ দুৰ্গ অক্ষত থাকিল। সমান্তৰালভাৱে সমষ্টিটোৰ এই ফলাফলে তৰুণ গগৈৰ পৰিয়ালৰাজৰ ধ্বজাখনো অক্ষত ৰাখিলে। 


এইবাৰৰ নিৰ্বাচনত অগপ-বিজেপি দলৰ নিৰ্বাচনী মিত্ৰতাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছিল যদিও এই মিত্ৰতাৰ কোনো প্ৰভাৱেই নপৰিল নগাঁও জিলাৰ সংখ্যালঘু অধ্যূষিত ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি সমষ্টিত।আনহাতে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে এইবাৰ কংগ্ৰেছৰ লগত মিতিৰালি কৰি অভাৱনীয়ভাৱে সহায় কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক।

Your Comments