নিউজ ডেস্ক :
তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত অৱশেষত নগাঁৱত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে।বৰদলৈয়ে নিকটতম বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক পৰাস্ত কৰাৰ লগে লগে দীৰ্ঘসময়ৰ মূৰত নগাঁও সংসদীয় সমষ্টি দখল কৰিলে কংগ্ৰেছ দলে।
প্ৰদ্যুৎ বৰদলৈয়ে প্ৰায় ৩০হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক।
উল্লেখ্য যে ১৯৯৯ চনৰ পৰা বিজেপিৰ দখলত থকা সংসদীয় সমষ্টিটো ২০বছৰৰ মূৰত নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিজেপিৰ হৈ ৰাজেন গোঁহাই এই সমষ্টিটোৰ পৰা বিগত ২০ বছৰ ধৰি সাংসদ হিচাপে নিৰ্বাচিত হৈ আছিল।
- Log in to post comments
- 436 views