![uu](/sites/default/files/styles/article_detail/public/2019-05/ll1.png?itok=pZ7OPLCz)
জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
সদ্যঘোষিত হাইস্কুল আৰু হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে বিশেষ স্থান লাভ কৰা আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জুৰীয়াৰ কদমণি টাউন হাইস্কুলত সোমবাৰে এজে হস্পিটাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা প্ৰায় ডেৰশতাধিক ছাত্ৰ-ছাত্ৰীক গামোচা, কিতাপৰ টোপোলা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰূপহী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আলহাজ নুৰুল হকে।উক্ত সভাত নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ ছফিকুল ইছলামে ছাত্ৰ- ছাত্ৰীক উদ্দেশ্য কৰি কয়- 'দৰিদ্ৰতা নিৰ্মূলৰ এটা উপায় হৈছে শিক্ষা।আমাৰ সমাজ আগবাঢ়ি যাবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন।'অনুষ্ঠানত অঞ্চলটোৰ গণ্য-মান্য ব্যক্তি,অভিভাৱক আৰু স্হানীয় ৰাইজ উপস্থিত থাকে ।
- Log in to post comments
- 16 views