বেবেজীয়া যুৰীয়া নামঘৰত মাধৱ জয়ন্তী উদযাপন

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ
৫৩১সংখ্যক জন্মজয়ন্তী নগাঁও জিলাৰ বেবেজীয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বঢ়াৰ পো আঞ্চলিক শাখাৰ সৌজন্যত তথা ১নং বেবেজীয়া প্ৰাথমিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত ১৮মে'আৰু ১৯মে'(শনি আৰু ৰবিবাৰে)ত উদযাপন কৰা হয় । এই উপলক্ষে বেবেজীয়া যুৰীয়া নামঘৰত কাৰ্যসূচী অনুসৰি ১৮মে'ত সন্ধিয়া বন্তি প্ৰজ্বলন কৰে শুভকান্ত শইকীয়াই ।ইয়াৰ পাছতে ভক্তি ৰত্নাৱলী পাঠ কৰা হয় ।

১৯মে'ত পুৱা ঊষা কীৰ্তনৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰে বঢ়াৰ পো আঞ্চলিকৰ সভাপতি ডিম্বেশ্বৰ শইকীয়াই আৰু ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা প্ৰতিনিধি দিলীপ হাজৰিকাই । শোভাযাত্ৰাত হৰিনামৰ ধ্বনিৰে বেবেজীয়াৰ আকাশ-বতাহ মুখৰিত কৰি তোলে । ইয়াৰ পাছতে নামঘোষা,কীৰ্ত্তন পাঠ, খোল-নাম প্ৰসংগ কৰা হয় । বিয়লি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য আৰু সাংস্কৃতিক শাখাৰ অনুষ্ঠানসমূহ  উদ্বোধন কৰে সংঘৰ জিলা শাখাৰ শিক্ষা সমিতিৰ সম্পাদক বিপুল শইকীয়াই ।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী অংকিতা কাকতিয়ে বৰগীতৰে শুভাৰাম্ভ কৰা সাংস্কৃতিক অনুষ্ঠানত ঋকবেদী বৰা আৰু সুস্মিতা শইকীয়াই বক্তৃতা,ভাস্বতী দাস আৰু ঊষা মুদৈয়ে ঘোষা পাঠ,দিপালী কাকতি আৰু কৃষ্ণাৰাণী বৰাই বৰগীত,নীহাৰিকা শইকীয়াই শংকৰী নৃত্য,সুমিত্ৰা শইকীয়াই লোকগীত,জ্যোতিষ্মান শইকীয়া,কৃত্তিকা কাকতি আৰু কৃষ্ণাৰাণী শইকীয়াই কৃষ্ণ নৃত্য(বালক)ৰ লগতে বেবেজীয়াৰ শিশুসকলৰ দ্বাৰা গায়ন-বায়নৰ জোৰা,চাউলখোৱা প্ৰাথমিক শাখাৰ মহিলাসকলে বিয়ানাম আৰু ১নং বেবেজীয়া প্ৰাথমিক শাখাৰ মহিলাসকলে দিহানাম পৰিবেশন কৰে ।

সদস্য দীপ বৰাই আঁত ধৰা এক অনুষ্ঠানত আঞ্চলিকৰ জ্যেষ্ঠা সদস্যা ভদ্ৰেশ্বৰী কাকতি,তৰামাই শইকীয়া আৰু যোগমাই শইকীয়া, বঢ়াৰ পো আঞ্চলিক গঠনত অগ্ৰণী ভূমিকা গ্ৰহণ ব্যক্তি শৰৎ কাকতি আৰু ভৰত কাকতিৰ পৰিয়ালবৰ্গক তথা বেবেজীয়া আৰ্য্য জাতীয় বিদ্যালয়ৰ ছাত্ৰ পাৰ্থ জ্যোতি কাকতি আৰু বেবেজীয়া ভোগেশ্বৰ হাজৰীকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী জিম্পী বৰাক সম্বৰ্ধনা জনোৱা হয় । বিয়লি ধৰ্মধ্বজা অৱনমিতকৰণেৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

Your Comments