বঙাইগাঁৱত ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক পালন সম্পৰ্কত পৰ্যালোচনা সভা

bgn

বঙাইগাঁওঃ ১৮ মেঃ

অহা ২৮ মে’ৰ পৰা ৯ জুনলৈকে বঙাইগাঁও জিলাত ডায়েৰীয়া পষেক পালন কৰা হ’ব ৷ এই পষেক উপলক্ষে জিলাখনৰ ডায়েৰীয়াপ্ৰৱণ অঞ্চলসমূহ, বিশেষকৈ চহৰৰ বস্তি অঞ্চল আৰু নদীকাষৰীয়া অঞ্চলসমূহত স্থানীয় নিকায়, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ আৰু আন আন বিভাগৰ সহযোগত সজাগতা সৃষ্টি কৰা হ’ব ৷ সেইদৰে ভ্ৰাম্যমাণ চিকিৎসা গোট, জাহাজ ক্লিনিক আৰু সঞ্জীৱনীৰ দ্বাৰাও সজাগতা সৃষ্টি কৰা হ’ব ৷ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ’ব ৷ এই অভিযানৰ অধীনত জিলাখনৰ ৫ বছৰ বয়সৰ তলৰ সকলো শিশুকে সাঙুৰি লোৱা হ’ব ৷ ইপিনে এই পষেকৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ বাবে আজি উপায়ুক্ত  আদিল খানৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰত্ন বসুমতাৰীয়ে ৷ সভাত উপায়ুক্ত আদিল খানে ডায়েৰীয়া ৰোগ নিয়ন্ত্ৰণ সম্পৰ্কত স্বাস্থ্য বিভাগৰ প্ৰত্যেক বিষয়া কৰ্মচাৰীৰ উপৰিও অংগনবাড়ী কৰ্মীসকলোকো বিষয়টো গুৰুত্বসহকাৰে লৈ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । আনহাতে সভাখনত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু এই ডায়েৰীয়া পষেকৰ ন’ডেল বিষয়া ডাঃ এম আই আহমেদৰ উপৰিও বিভিন্ন চিকিৎসালয়ৰ চিকিৎসক আৰু বিষয়া কৰ্মচাৰীসকল উপষ্ঠিত থাকে ৷ সভাত  ডায়েৰীয়া নিয়ন্ত্রণ পষেক সম্পৰ্কত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰৱন্ধক স্মিতা ৰয় চক্ৰৱৰ্তীয়ে বিভিন্ন দিশৰ ওপৰত মতামত দাঙি ধৰে ৷ উল্লেখ্য যে পৰ্যালোচনা সভাত জিলাখনৰ প্ৰতিখন চৰকাৰী - বেচৰকাৰী চিকিৎসালয়ৰ লগতে অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্রত অ'আৰএচ - জিং কৰ্ণাৰ বনোৱা সন্দৰ্ভত এটা কেন্দ্ৰ স্থাপন কৰাৰো সিন্ধান্ত লোৱা হয় ৷

Your Comments