![sibsagar](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-17%20at%2011.08.41%20PM.jpeg?itok=oDLNP7WH)
শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
বৃহস্পতিবাৰে নিশা মাজুলি জিলাৰ অন্তৰ্গত তথা শিৱসাগৰ জিলাৰ সমীপৰ ব্ৰহ্মপুত্ৰ-দিচাংৰ সংগম স্থল ডৱলি চাপৰিৰ জিলা বস্তিৰ বাসিন্দা ৰঘূনাথ মালা নামৰ এজন ব্যক্তিৰ হাতীৰ গছকত মৃত্যু হয়। অতি দৰিদ্ৰ পৰিয়ালৰ ৰঘূনাথ মালাই বৃহস্পতিবাৰে ঘৰৰ পৰা দিচাং মুখৰ বৃহস্পতিবৰীয়া হাটলৈ ঢ়েকীয়া, খুটৰা শাক বিক্ৰী কৰিবলৈ পুৱাই ওলাই আহিছিল। দিচাংমুখৰ বজাৰৰ পৰা ঘূৰি যাওঁতে আন্ধাৰ হোৱাত আধাবাটতে এজাক বনৰীয়া হাতীৰ মুখামুখী হয় ৰঘুনাথ মালা। বনৰীয়া হাতী জাকে ৰঘূনাথ মালাৰ গছকি সেই ঠাইতে হত্যা কৰে। ঘটনাৰ খবৰ পোৱাত স্থানীয় লোকে শিৱসাগৰ বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত শিৱসাগৰ বন বিভাগে সেই অঞ্চল মাজুলি জিলাৰ অন্তৰ্গত বুলি মন্তব্য কৰে। আৰু মাজুলি জিলাৰ বন বিভাগক খবৰ দিয়ে।কিন্তু ইমানৰ পিছতো দিনৰ ৩ বজা পৰ্যন্ত মাজুলি জিলাৰ বন বিভাগৰ কোনো দল ঘটনাস্থলিত উপস্থিত নহ'ল।
উল্লেখ্য যে, ৰঘূনাথ মালাৰ প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ দিচাংমুখৰ বলমা গাঁৱত। খেতি কৰিবলৈ আৰু গৰু পোহিবলৈ পৰিয়াল সহ ডৱলি চাপৰিলৈ উঠি গৈছিল। মৃত ৰঘূনাথৰ পত্নী, এজন পুত্ৰ আৰু দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়
আনহাতে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বন কিম্বা আৰক্ষী বিভাগে হাতীৰ গছকত মৃত্যু হোৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা কৰিবলৈ খবৰ দিয়াৰ পিছতো ঘটনাস্থলিত উপস্থিত হব নোৱাৰাত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 7 views