উত্তৰ গুৱাহাটীত আক্ৰমণাত্মক হৈ পৰিছে কপিকুল।উত্তৰ গুৱাহাটীত এতিয়া বান্দৰে সততে আক্ৰমণ কৰিবলৈ ধৰিছে নাগৰিকসকলক।বিগত এপষেকত অঞ্চলটোত বান্দৰে মানুহক আক্ৰমণ কৰাৰ তিনি -চাৰিটা ঘটনা সংঘটিত হৈছে।মধ্যমখণ্ড এলেকাত এগৰাকী মহিলাক বান্দৰে হাতত কামুৰি যথেষ্ট আঘাতপ্ৰাপ্ত কৰে।তদুপৰি বিভিন্ন স্থানত বান্দৰে সমূহীয়াভাৱে মানুহক খেদাৰ ঘটনা সংঘটিত হৈছে।পুৱাৰ ভাগত উত্তৰ গুৱাহাটীৰ বাট -পথসমূহত বান্দৰে জাক পাতি পথচাৰীক খেদি আহি আতংকিত কৰি তোলা ঘটনা প্ৰায়েই ঘটিছে।পুৱাৰ ভাগত অঞ্চলটোৰ এআৰবি পথকে ধৰি বিভিন্ন পথত বান্দৰে জাক পাতি বহি থকাৰ বাবে নাগৰিকে প্ৰাত:ভ্ৰমণ কৰাটো
বিপদজনক হৈ পৰিছে।
তদুপৰি নাগৰিকৰ ঘৰৰ পৰা সঘনে খাদ্যবস্তু চুৰি কৰি ত্ৰাহি মধুসূদন সুঁৱৰাইছে।উত্তৰ গুৱাহাটীবাসীক কপিকুলৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ অঞ্চলবাসীয়ে বন বিভাগক দাবী জনাইছে।অঞ্চলটোত ব্যাপকভাৱে বান্দৰৰ বংশ বৃদ্ধি হোৱাত খাদ্যৰ অভাৱত কপিকুল আক্ৰমণাত্মক হৈ পৰিছে বুলি স্থানীয় সচেতন নাগৰিকে মতপোষণ কৰিছে।বান্দৰসমূহক কোনো সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে অঞ্চলবাসীয়ে।সমস্যাটোৰ প্ৰতি কামৰূপ জিলা প্ৰশাসনৰো দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজে।
- Log in to post comments
- 74 views