![jahamal](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-16%20at%208.44.19%20PM%20%281%29.jpeg?itok=YrVqC-Fa)
নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ পশ্চিম দিশৰ চামতাৰ চাৰিগৰাকী যুৱকে আজি বন্যপ্ৰাণী সুৰক্ষাৰ এক নিদৰ্শন দাঙি ধৰিলে। যুৱককেইজনে উদ্ধাৰ কৰিলে পাঁচটাকৈ বিলুপ্তপ্ৰায় জহামালৰ পোৱালি। উল্লেখ্য যে চামতাৰ জামৰতলৰ মন্দিৰৰ কাষত থকা এডাল ঔ গছ আজি কটা হৈছিল।কিন্তু ইয়াৰ খোৰোঙত আছিল পাঁচটাকৈ জহামালৰ পোৱালি।
পোৱালিকেইটা দেখি নিপলজ্যোতি তালুকদাৰ ,দ্বীপেন তালুকদাৰ,ভগৱান তালুকদাৰ আৰু জোন তালুকদাৰে বিপদসংকুলভাবে বিচৰণ কৰি থকা জহামালৰ পোৱালিকেইটা উদ্ধাৰ কৰি নলবাৰীৰ ছাত্ৰ নেতা তথা প্ৰকৃতিপ্ৰেমী হিমান বৰ্মনৰ সৈতে যোগাযোগ কৰে।ইয়াৰ পিচতে বৰ্মনৰ তত্বাৱধানত নলবাৰী জিলা আছুৰ কাৰ্যালয়লৈ পোৱালিকেইটা আনি নলবাৰী ৰাজ্যিক পশু চিকিৎসালয়ক অৰ্পণ কৰা হয়।চিকিৎসালয় কৰ্তৃপক্ষই জহামালৰ পোৱালিকেইটাক শুশ্ৰূষা আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি বন বিভাগক চমজাই দিয়ে।
- Log in to post comments
- 4 views