জাতীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মুখ্য মন্ত্ৰী আছিল কৰুণানিধি

জাতীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মুখ্য মন্ত্ৰী আছিল কৰুণানিধি

স্বৰাজোত্তৰ ভাৰতবৰ্ষত জাতীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মুখ্য মন্ত্ৰী আছিল এম কৰুণানিধি । সদ্যপ্ৰয়াত ডি এম কে দলৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্য মন্ত্ৰীৰ আসনত ৫ বাৰকৈ অধিষ্ঠিত কৰুণানিধিয়ে প্ৰথম ত্ৰিৰংগা উত্তোলন কৰিছিল ১৯৭৪ চনৰ ১৫ আগষ্টত ।

তাৰ আগলৈকে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দুয়োটা দিনতে ৰাজ্যসমূহত জাতীয় পতাকা উত্তোলন কৰিছিল ৰাজ্যপালসকলে । ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত কৰুণানিধিয়েই প্ৰস্তাৱ আগবঢ়াইছিল যে গণৰাজ্য দিৱসত ৰাজ্যপালসকলে আৰু স্বাধীনতা দিৱসত মুখ্য মন্ত্ৰীসকলে ত্ৰিৰংগা উত্তোলন কৰিব লাগে । কৰুণানিধিৰ দাবীত আৰম্ভ হোৱা সেই পৰম্পৰা এতিয়াও চলি আছে ।
 

Your Comments