বৈল্লাপে’ৰা গোষ্ঠীৰ উদ্যোগত এশ শতাংশ উত্তীৰ্ণ বিদ্যালয় প্ৰধানক সম্বাৰ্ধনা

balla

 নৰেন শৰ্মা,বাহাৰঘাট:

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ ঠিক পিছতেই  বৈল্লাপে’ৰা গোষ্ঠীৰ উদ্যোগত বাহাৰঘাট অঞ্চলৰ এশ শতাংশই উত্তীৰ্ণ হোৱা শিক্ষানুষ্ঠান কেইখনৰ প্ৰধান শিক্ষক কেইজনক ফুলাম গামোছাৰে সম্বাৰ্ধনা জনায়৷

এই সকলৰ ভিতৰত শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ প্ৰধানাচাৰ্য্য তিলক চন্দ্ৰ তালুকদাৰ,প:ব: অম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক অচ্যুত চন্দ্ৰ শৰ্মা,প:ব: দৌল পুখুৰীপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল মোন্নাফ আৰু শংকৰদেৱ শিশু নিকেতন,বাৰাংহাটীৰ প্ৰধানাচাৰ্য্য সৰ্বেশ্বৰ ডাউকা আদি৷সম্বৰ্দ্ধনা গ্ৰহন কৰি আটাইকেইজনে গোষ্ঠীৰ শলাগ লয়৷

গোষ্ঠীৰ অধ্যক্ষ নৰেন শৰ্মাৰ নেতৃত্বত যোৱা দলটিয়ে শিক্ষানুষ্ঠান কেইখনত উপস্থিত হৈ ছাত্ৰছাত্ৰী আৰু শুভাকাংক্ষী তথা শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত বিদ্যালয়ৰ মুৰব্বী জনক সম্বৰ্দ্ধনা জনোৱা কাৰ্য্যক সকলোৱে প্ৰশংসা কৰিছে৷

Your Comments