১৯ মে'ত বঙাইগাঁও জিলা আক্ৰাছুৰ কাৰ্যনিৰ্বাহক সভা আহ্বান

bgn

বঙাইগাঁওঃ ১৫ মেঃ

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা অহা ১৯ মে'ত অনুষ্ঠিত হ'ব ৷ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত পুৱা ১০ বজাত আহ্বান জনোৱা উক্ত কাৰ্যনিৰ্বাহক সভাত জিলা আক্ৰাছুৰ সমূহ সতীৰ্থ, আঞ্চলিক সমিতিৰ সভাপতি - সম্পাদক, জিলা কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী - সম্পাদিকা আৰু বঙাইগাঁও জিলাৰ কেন্দ্ৰীয় প্ৰতিনিধিসকলক উপস্থিত থাকিবলৈ জিলা সমিতিৰ সভাপতি গোপাল পাঠক আৰু সাধাৰণ সম্পাদক দিলীপ বৰুৱাই আহ্বন জনাইছে ৷

Your Comments