বঙাইগাঁৱত ভোট গণনা সম্পৰ্কত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ এজেন্টসকলৰ সৈতে জিলা নিৰ্বাচনী বিষয়াৰ সভা 

bgn

বঙাইগাঁওঃ

১৫ মেঃ সমগ্ৰ দেশৰ লগতে ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিতো অহা ২৩ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনা সম্পৰ্কত মঙলবাৰে বিয়লি ৪ বজাত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰতিনিধিৰ এজেন্টসলকৰ  সৈতে এখন সভা অনুষ্ঠিত হৈ যায় ৷

বঙাইগাঁও জিলা নিৰ্ব্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত  উপায়ুক্তগৰাকীয়ে  কয় যে ভোট গণনাৰ সময়ত যাতে কোনো আসোঁৱাহ ৰৈ নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । সভাত ভোট গণনাৰ সময়ত প্ৰাৰ্থীৰ এজেন্টসকলে পালন কৰিবলগীয়া নিৰ্ব্বাচনী আচৰনসমূহ অৱগত কৰাৰ লগতে গণনা কক্ষত নিয়োগ কৰিব লগীয়া এজেন্টসকলৰ পৰিচয় পত্র পোৱাৰ বাবে ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰতিনিধিসকলক আৱেদন কৰিবলৈ আহ্বান জনায় ।

জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সভাত অহা ২৩ মে'ৰ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ত ভোট গণনা আৰম্ভ হ'ব বুলি উল্লেখ কৰি সকলো প্ৰাৰ্থীৰ এজেন্টসকলক পুৱা ৬.৩০ বজাৰ পূৰ্ব্বে উপস্থিত হ'বলৈকো কয় ৷ লগতে কোনেও যাতে মোবাইল ফোন লৈ প্ৰৱেশ নকৰে তাৰ বাবেও সকলোকে অৱগত কৰি ভোট গণনা কাৰ্য শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহযোগিতা বিচাৰে ।

সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল , অতিৰিক্ত উপায়ুক্ত ক্ৰমে অৰূপ কুমাৰ শৰ্মা , অনুপম ডেকা, ধ্ৰুৱজ্যোতি দাস , নিৰ্ব্বাচনী বিষয়া বাসৱী ঠাকুৰীয়া , জিলা জনসংযোগ বিষয়া পাৰ্থ প্ৰতিম খনিকৰৰ উপৰিও বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰতিনিধিৰ এজেন্টসকল উপস্থিত থাকে ৷

Your Comments