নলবাৰীত বাওঁপন্থী নেতা হৰমোহন কলিতাৰ মৃত্যু

kalita

নলবাৰীৰ পৰা হেমন্ত কলিতা

 

নলবাৰী জিলাৰ দলুৱা গাওঁ নিবাসী বিশিষ্ট বাওঁপন্থী নেতা,চিপিআই (এম)দলৰ অক্লান্ত কৰ্মী,   কৃষক আন্দোলনৰ অগ্ৰণী কৰ্মী, সমাজসেৱক  হৰমোহন কলিতাৰ মঙলবাৰে পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে । দলুৱাৰ বিষ্ণুজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ  উচ্চ বৰ্গ সহায়ক হিচাপে যোৱা বৰ্ষত কলিতাই অৱসৰ গ্ৰহণ কৰে ।বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা কলিতা কৰ্মৰত আছিল আৰু অসম আন্দোলনৰ দুৰ্যোগৰ দিনত বিদ্যালয়খন ৰক্ষাৰ ক্ষেত্ৰত অঞ্চলটোৰ বহুকেইজন গণতান্ত্ৰিক ব্যক্তিৰ লগত কলিতাই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।মৃত্যুৰ সময়ত ৬২ বছৰীয়া কলিতা অঞ্চলটোৰ এগৰাকী সাহসী লোক হোৱাৰ লগতে ছাত্ৰ অৱস্থাৰ পৰাই মাৰ্ক্সবাদী  আদৰ্শৰে  উদ্বুদ্ধ আছিল। অঞ্চলটোৰ জনগণক সমাজ পৰিৱৰ্তনৰ সংগ্ৰামত চামিল কৰাৰ বাবে হৰমোহন কলিতাই আহোপুৰুষাৰ্থ কৰিছিল ।

 

১৯৭৫ চনত ঘগ্ৰাপাৰৰ ওচৰত সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত  নিজৰ বুদ্ধিৰে অগনন ৰেলযাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিছিল কলিতাই । ১৯৭৮ চনত কলিতাই চিপিআই (এম) দলৰ সদস্য পদ লাভ কৰে আৰু তেতিয়াৰে পৰা ধাৰাবাহিকভাৱে বাওঁপন্থী দলটোৰ কাম-কাজত নিজকে নিয়োজিত কৰে । কৃষক সভাৰ ঘগ্ৰাপাৰ আঞ্চলিক কমিটীৰ সম্পাদক হিচাপে তেওঁ ২০১৭ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ।

 

হৰমোহন কলিতাৰ মৃত্যুৰ খবৰ লাভ কৰি চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য,নলবাৰীৰ বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰ,চিপিআই (এম)ৰ জিলা সম্পাদক  উমেশ দত্ত, অঞ্চলটোৰ বাওঁপন্থী নেতা ভুৱনেশ্বৰ শৰ্মা, সনাতন ৰাজবংশী উপস্থিত হৈ ৰঙা পতাকাৰে মৃতদেহ আবৰি দিয়াৰ লগতে পুষ্পমাল্যাৰ্পণ কৰি শ্ৰাদ্ধ নিবেদন কৰে । ইফালে, বিষ্ণুজ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰমুখ্যে শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ- ছাত্ৰীসহ বিভিন্ন দল-সংগঠনে পুষ্পমাল্যাৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে আৰু গভীৰ শোক প্ৰকাশৰে পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

Your Comments