সুদূৰ জাৰ্মানীৰপৰা অনা হৈছিল কৰুনানিধিৰ চছমাযোৰ

karunanidhi_tamilnadu_india

দক্ষিণ ভাৰতৰ ৰাজনীতিৰ পিতামহ হিচাপে জনাজাত এম কৰুনানিধি মংগলবাৰে মৃত্যু হয়। যেতিয়াই কৰুনানিধিৰ চবি মনলৈ আহে তেতিয়া কলা চছমা, বগা কাপোৰ আৰু হালধীয়া শ্বল ডিঙিত লোৱা মানুহ গৰাকী চকুৰ আগত ভাঁহি উঠে ।


কৰুনানিধিয়ে বিগত ৫০ বছৰ ধৰি কলা চছমা পৰিধান কৰি আছিল, আহকচোন এই কলা  চচমাৰ আঁৰৰ ৰহস্য জানো -
কৰুনানিধিয়ে কলা চছমা ১৯৬০ দশকৰ পৰা পিন্ধিবলৈ আৰম্ভ কৰিছিল । যেতিয়া এক দুৰ্ঘটনাত বাঁও চকুত আঘাত পাইছিল তেতিয়াৰ পৰাই ডাঙৰ ফ্ৰেমৰ কলা চছমা কৰুনানিধিৰ ষ্টাইলত পৰিনত হ'ল। কৰুনানিধিয়ে সদায় বগা কাপোৰ আৰু হালধীয়া শ্বল লোৱাৰ লগতে সদায় দাড়ি কাটিছিল। 

যোৱা বছৰ চিকিৎসকে পৰামৰ্শ দিলে কৰুনানিধিৰ চছমাৰ ফ্ৰেম সলনি কৰিবলৈ।  সমগ্ৰ ভাৰততে তেওঁৰ কাৰনে সুবিধাজনক ফ্ৰেম বিচৰা হ'ল। ৪০ দিন বিচৰাৰ পিছত যিটো চছমাৰ ফ্ৰেম কৰুনানিধিৰ বাবে আৰামদায়ক হল সেইটো জাৰ্মানীৰ পৰা অনা হৈছিল। 

জাৰ্মানীৰ পৰা চছমাটোৰ ফ্ৰেম চেন্নাইৰ বেষ্ট অপ্টিকেলে আমদানি কৰিছিল যিটোৰ ওজন পাতল আছিল। 
চিকিৎসকৰ পৰামৰ্শমতে কৰুনানিধিয়ে প্ৰায় ৪৬ বছৰৰ পাছত চছমা বদলি কৰিছিল।

Your Comments